Rupaliparda.com
"কাক বুলিলো কোনে নিজে গাত ল'লে চা" গীতটি অন্তৰ্ভূক্ত জনপ্ৰিয় ছবি "আজলী নবৌ"- 1

“কাক বুলিলো কোনে নিজে গাত ল’লে চা” গীতটি অন্তৰ্ভূক্ত জনপ্ৰিয় ছবি “আজলী নবৌ”-

১৯৮০ চনত মুক্তিপ্ৰাপ্ত এখন উল্লেখনীয় অসমীয়া ৰঙীণ ছবি হৈছে “আজলী নবৌ”। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত এইখনেই হৈছে প্ৰথম ইষ্টমেন কালাৰৰ ছবি। মুক্তি লাভ কৰাৰ পিছতেই এই অসমীয়া ছবিখনে লাভ কৰিছিল জনপ্ৰিয়তা। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন ১৯৫৪ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি “ভাঙাঘৰ” ৰ অসমীয়া সংস্কৰণ। উক্ত “ভাঙাঘৰ” ছবিখন প্ৰভাৱতী দেৱী সৰস্বতীৰ “বিজিতা” নামৰ উপন্যাস খনৰ ওপৰত আধাৰিত। এজন খেতিয়কৰ চাৰি পুত্ৰৰ কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত এগৰাকী বোৱাৰীৰ সৰল স্বভাৱ প্ৰতিফলিত কৰা হৈছিল। আজলী নামে এইগৰাকী বোৱাৰীয়ে তেওঁৰ স্বামীৰ তিনিও ভায়েকক মৰমেৰে ডাঙৰ -দীঘল কৰি একোজন ডাঙৰ মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছিল ।

"কাক বুলিলো কোনে নিজে গাত ল'লে চা" গীতটি অন্তৰ্ভূক্ত জনপ্ৰিয় ছবি "আজলী নবৌ"- 2


কালক্ৰমত উক্ত তিনিও ভায়েকৰ পত্নী সমূহৰ মাজত থকা ইৰ্ষাই তেওঁলোকৰ ঘৰখনত অশান্তি সৃষ্টি কৰি তোলে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ। নিপ বৰুৱা আৰু মহেন্দ্ৰ বৰঠাকুৰৰ চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনত অভিনয় কৰিছে ইলা কাকতি, নিপন গোস্বামী, প্ৰশান্ত হাজৰিকা, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, বিদ্যা ৰাও, পূৰ্ণিমা পাঠক, পূৰৱী শৰ্মা, অমলা কটকী, বিৰিঞ্চি ভট্ট, ইৰাণ দত্ত আৰু সত্যেন চৌধুৰীয়ে। ছবিখনত অন্তৰ্ভূক্ত গীত “চকু মেলি নাচাবা”, “কাক বুলিলো কোনে নিজে গাঁত পাতি ল’লে চা” আদি গীত সমূহ বৰ্তমানেও জনসাধাৰণৰ মাজত জনপ্ৰিয়। গীত সমূহৰ পৰিচালনা ৰমেন বৰুৱাৰ।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform