Rupaliparda.com
নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক জাহিদ খানৰ আত্ম-উপলদ্ধিৰে "Inside Out"- 1

নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক জাহিদ খানৰ আত্ম-উপলদ্ধিৰে “Inside Out”-

কিছু নতুন পৰিকল্পনা তথা কিছু নতুন প্ৰচেষ্টাৰে “লক-ডাউন” ত ভিন্ন নতুন সৃষ্টি দেখিবলৈ পাইছে দৰ্শকে। কিছু পৰীক্ষামূলক বিষয়বস্তুৰে নিৰ্মিত কৰিলেও দৰ্শকে হৃদয়ংগম কৰিছে এই প্ৰকল্পসমূহ। দৰ্শকৰ সুপ্ত প্ৰতিভা বিকাশ হোৱাৰ লগতে কিছু এনে প্ৰকল্পও আছে যাৰ দ্বাৰা অসমৰ নৱপ্ৰজন্মৰ উদীয়মান শিল্পী, কলা-কুশলীৰ প্ৰতিভা সমূহৰ অনুৰাগী হৈ পৰিছে দৰ্শক। ইতিমধ্যে জনসাধাৰণে উপভোগ কৰিবলৈ পোৱা চুটি ছবি, গীত, কবিতা আদিৰ বাহিৰেও এইবাৰ দৰ্শকে শুনিবলৈ পাব নিচেই কম সময়তে কিছু গুৰুত্বপূৰ্ণ কথাৰ মহত্ব। “অডিঅ’ ব্লগ” ৰ দৰেই এক সৰু প্ৰচেষ্টা হাতত লৈছে উদীয়মান পৰিচালক জাহিদ খানে। “লক-ডাউন” ৰ এই সময়ছোৱাত সকলো লোকেই যে কিছু সৰু সৰু কামেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ প্ৰচেষ্টা চলাইছে সেয়া সকলোৱে দেখিবলৈ পাইছে। কেৱল মাত্ৰ এটাই ইচ্ছা, সকলো মানুহেই যাতে হতাশাৰ মাজতো মনোৰঞ্জনৰ দ্বাৰা কিছু সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰে।


সুক্ষ্ম কিছু শব্দৰ বহুল ভাৱক ব্যক্ত কৰি জাহিদ খানে আৰম্ভ কৰিছে এটি অডিঅ’ ব্লগ; যাৰ নাম হৈছে “Inside Out”। জনসাধাৰণৰ স্মৃতিৰ কোঠালিত বহু বস্তুয়ে সন্তপৰ্ণে জিৰণি লয়; ই কেতিয়াবা গভীৰ ভাৱে ভাবিবলৈ বাধ্য কৰে ব্যক্তিবিশেষক। জাহিদ খানৰ উক্ত প্ৰচেষ্টাত এনে এক বিষয়বস্তুৰে সোঁৱাদ পাব শ্ৰোতাই। ইতিমধ্যে তেওঁ মুকলি কৰা ইয়াৰ প্ৰথমটো খণ্ডই সঁহাৰি লাভ কৰিছে বহুল জনসাধাৰণৰ। অকল এটা মোবাইলৰ সৈতেই নিজ বাসগৃহত আৱদ্ধ গৈ থকা জাহিদে এই অডিঅ’ ব্লগটোৰ দ্বাৰা নিজৰ কিছু কথা ব্যক্ত কৰাৰ লগতেই জনসাধাৰণকো সংযোগ কৰাৰ চেষ্টা কৰিছে তেওঁ। উল্লেখ্য যে, জাহিদ খানে পূৰ্বতেও বিভিন্ন চুটি ছবি পৰিচালনা কৰি লাভ কৰিছে জনপ্ৰিয়তা; ইয়াৰ লগতে তেওঁ চুটিৰ ছবি সমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে সঁহাৰি।

নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক জাহিদ খানৰ আত্ম-উপলদ্ধিৰে "Inside Out"- 2


“The Story Camp” শীৰ্ষক ইউটিউব চেনেলত জাহিদে প্ৰতিটো সপ্তাহত “Inside Out” ৰ একোটাকৈ খণ্ড মুকলি কৰিব। “লক-ডাউন” সমাপ্তৰ পিছতো তেওঁ এই অডিঅ’ ব্লগটো শ্ৰোতাৰ মাজলৈ আনিব বুলি ইচ্ছা প্ৰকাশ কৰে পৰিচালক গৰাকীয়ে ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform