Rupaliparda.com
আইমী বৰুৱা, অনন্যা পাঁচনিৰ লগতে একাংশ অভিনেত্ৰীৰ সজাগতা প্ৰচেষ্টাঃ নন্দিনী বৰকাকতিৰ "মাস্ক" ৰ ফেশ্বন- 1

আইমী বৰুৱা, অনন্যা পাঁচনিৰ লগতে একাংশ অভিনেত্ৰীৰ সজাগতা প্ৰচেষ্টাঃ নন্দিনী বৰকাকতিৰ “মাস্ক” ৰ ফেশ্বন-

বৰ্তমান দৈনন্দিন জীৱন নিৰ্বাহ কৰিবলৈ জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে “মাস্ক”। সম্প্ৰতি প্ৰত্যেকজন জনসাধাৰণৰ মুখত দেখা একোখন মাস্কেহে যেন তেওঁক সমাজত এগৰাকী দায়িত্বশীল নাগৰিক ৰূপে চিনাকী দিছে। “মাস্ক” সকলোৰে জীৱনৰ অনবেদ্য অংগৰূপে দেখিবলৈ পোৱা গৈছে। গামোচাৰ অথবা ৰং-বিৰঙৰ কিছু কাপোৰেৰে নিৰ্মিত “মাস্ক” সমূহ প্ৰত্যেকৰে মুখত দেখিবলৈ পোৱা দৃশ্যবোৰ এতিয়া সুলভ হৈ পৰিছে। কিন্তু এইবাৰ এই “মাস্ক” খনেই হৈ পৰিছে এক প্ৰকাৰ ফেশ্বন; চলিত বৰ্ষৰ “ফেশ্বন” তথা “মনোৰঞ্জন” জগত খনক সংযোগ কৰিবলৈ সক্ষম হৈ পৰিছে এই “মাস্ক” য়ে। অসমীয়া অভিনেত্ৰী ক্ৰমে আইমী বৰুৱা, মুনমী ফুকন, অনন্যা পাঁচনি, প্ৰীতি কংকনা আৰু নিশিতা গোস্বামীয়ে এইবাৰ জনসাধাৰণক সজাগ কৰাৰ বাবে ষ্টাইলিচ কিছু “মাস্ক” পৰিধান কৰি আৰম্ভ কৰিছে সজাগতা প্ৰচেষ্টা।


ভিন্ন আড়ম্বৰপূৰ্ণ “মাস্ক” পৰিধান কৰি অসমীয়া অভিনেত্ৰী সমূহৰ এনে প্ৰচেষ্টাৰ দ্বাৰা তেওঁলোকৰ অনুৰাগী সমূহো যে আকৰ্ষিত হ’ব সেয়া নিশ্চিত। আচলতে, নিত্য নৈমিত্তিক তথা বাধ্যতামূলকভাৱে পৰিধান কৰিবলগীয়া এই মাস্ক সমূহক ফেশ্বন কৰি তুলিছে “Page 3” শীৰ্ষক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নন্দিনী বৰকাকতিয়ে। জনসাধাৰণক সজাগ ও সচেতন কৰাৰ লগতে “মাস্ক” খনক বৰ্তমান সময়ৰ অপৰিহাৰ্য অংগ ৰূপে চিনাক্ত কৰিবলৈ নন্দিনীয়ে এনে ন-প্ৰচেষ্টা হাতত লৈছে।

আইমী বৰুৱা, অনন্যা পাঁচনিৰ লগতে একাংশ অভিনেত্ৰীৰ সজাগতা প্ৰচেষ্টাঃ নন্দিনী বৰকাকতিৰ "মাস্ক" ৰ ফেশ্বন- 2
আইমী বৰুৱা, অনন্যা পাঁচনিৰ লগতে একাংশ অভিনেত্ৰীৰ সজাগতা প্ৰচেষ্টাঃ নন্দিনী বৰকাকতিৰ "মাস্ক" ৰ ফেশ্বন- 3


অসমীয়া অভিনেত্ৰী সমূহেও নন্দিনীৰ এনে প্ৰচেষ্টাত সহায় কৰা দেখিবলৈ পোৱা গৈছে। কোৱা বাহুল্য যে, ফেশ্বনে প্ৰায়ে জনসাধাৰণক আকৰ্ষণ কৰে। তাতেই আকৌ যেতিয়া এই ফেশ্বন প্ৰয়োজনীয়তালৈ ধাৱমান হয় তেতিয়া আকৌ ই অধিক প্ৰাধান্য লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform