অসমীয়া সংগীত জগতত এনে বহু কন্ঠশিল্পী আছে যাৰ দুই-তিনিটা গীত মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠে তেওঁৰ কন্ঠ। তেওঁৰ কন্ঠৰ অনুৰাগীও হৈ পৰে বহু লোক। তেনে এগৰাকী কন্ঠশিল্পী হৈছে ৰাজশ্ৰী শইকীয়া। ২০১৫ চনত মুক্তিপ্ৰাপ্ত “লাহি হালে জালে” শীৰ্ষক গীতটিৰ দ্বাৰা সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত “কথা এটি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ। ইয়াৰ লগতে “চকু যায় তোৰে চকুলৈ” শীৰ্ষক গীতটিৰ দ্বাৰাও দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈ পৰিছিল কন্ঠশিল্পী ৰাজশ্ৰী। নগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে সৰুৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। এখোজ এখোজকৈ সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয়তাৰ দিশে খোজ দিয়া ৰাজশ্ৰীয়ে প্ৰায়ে সংগীত সমূহৰ “কভাৰ” পৰিৱেশন কৰি অনুৰাগীৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈ পৰিছে।

“লক-ডাউন” ৰ সময়ছোৱাত আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহিছে ৰাজশ্ৰী শইকীয়া। জনপ্ৰিয় হলীউড ছবি “টাইটানিক” ত অন্তৰ্ভূক্ত এটি মনপৰশা “I Will Go On” শীৰ্ষক গীতটিৰ “কভাৰ” পৰিৱেশন কৰি ৰাজশ্ৰী শইকীয়াই আকৌ এবাৰ অনুৰাগীৰ হৃদয় টানিবলৈ সক্ষম হৈ পৰিছে। অসমীয়া সংগীতশিল্পীৰ কন্ঠৰে এই শ্ৰুতিমধুৰ ইংৰাজী গীতটি শুনিবলৈ পাই শ্ৰোতা ও দৰ্শকো উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত মুক্তি “আলসুৱা” গীতটিয়েও ৰাজশ্ৰীৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল।
Add comment