Rupaliparda.com
"ফুকৰে ৩" ত এইবাৰ থাকিব "ক'ৰ'ণা"- 1

“ফুকৰে ৩” ত এইবাৰ থাকিব “ক’ৰ’ণা”-

আকৌ এবাৰ জনপ্ৰিয় বলীউড ছবি “ফুকৰে” ৰ তৃতীয়টো সংস্কৰণৰ বাবে সাঁজু হৈ পৰিছে ছবিখনৰ নিৰ্মাতা-নিৰ্দেশক। পৰিচালক মৃগদীপ সিং লাম্বাই ছবিখনৰ তৃতীয়টো সংস্কৰণত ক’ৰ’ণা ভাইৰাছৰ ভিন্ন কাহিনী সন্নিৱিষ্ট কৰাৰ লগতে এই ছবিখনত যে ভৰপূৰ মনোৰঞ্জন আৰু সমাজৰ বাবে বাৰ্তা থাকিব তাক প্ৰকাশ কৰে পৰিচালক গৰাকীয়ে। “ফুকৰে ৩” ত “লক-ডাউন” তথা “ক’ভিড ১৯” ক লৈ কিছু কথা ব্যক্ত কৰা হ’ব বুলি লাম্বাই জানিবলৈ দিয়ে। তেওঁ কয় যে, “আমি ছবিখনৰ কাহিনীৰ দ্বাৰা এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিম যিটো সুঁহুতীয়া হোৱাৰ লগতে দৰ্শকে ইয়াক মনত ৰাখিব। কিন্তু আমি ইয়াৰ ওপৰত চৰ্চা কৰি আছো যে কেনেদৰে “লক-ডাউন” অথবা মহামাৰীটোৰ এই স্থিতি টোক কাহিনী ভাগত অন্তৰ্ভূক্ত কৰিব পাৰো; আমি এনেদৰে ইয়াৰ সামঞ্জস্যতা ৰাখিব লাগিব যাতে কাহিনীভাগত “কভিড” ক জোৰ কৰি ভৰাই দিয়া যেন নহয়।”

"ফুকৰে ৩" ত এইবাৰ থাকিব "ক'ৰ'ণা"- 2
"ফুকৰে ৩" ত এইবাৰ থাকিব "ক'ৰ'ণা"- 3


ইয়াৰ উপৰিও পৰিচালকগৰাকীয়ে কয় যে, “সম্প্ৰতি স্থিতিটো দৰ্শকৰ সমুখত এক সুহুতীয়া অৰ্থাৎ কমেডী প্ৰয়োগ কৰি আমি ছবিখন প্ৰস্তুত কৰা বাবে বিচাৰ আৰম্ভ কৰিছো।” উল্লেখ্য যে, “ফুকৰে ৩” ৰ নিৰ্মাতা-নিৰ্দেশকে “লক-ডাউন” ৰ পূৰ্বৰ পৰাই ইয়াৰ কাহিনীৰ কাম আৰম্ভ কৰিছিল যাৰ ইতিমধ্যে ৮০ শতাংশই কাম সম্পূৰ্ণ হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.