ভাৰতীয় ছবি ক্ষেত্ৰত নাম উজ্বলাই ৰখা এগৰাকী অসমীয়া অভিনত্ৰী উৰ্মিলা মহন্তৰ আজি জন্মদিন। সোণাপুৰত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে পুনেস্থিত Film And Television Institute of India ৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। ২০১২ চনৰ পৰা বৰ্তমান সময়লৈ অভিনয় ক্ষেত্ৰখনত সক্ৰিয় ৰূপে থকা অভিনেত্ৰী উৰ্মিলা মহন্ত বৰ্তমান অসমৰ গৌৰৱ। তেওঁৰ অভিনয়ৰ প্ৰশংসা অসমীয়াকে ধৰি হিন্দী, তামিল তথা বাংলা ক্ষেত্ৰতো কৰা হৈছে। তেওঁ জীৱনৰ প্ৰথমখন ছবিয়ে আছিল তামিল পৰিচালক বালাজী শক্তিভেলৰ এখন থ্ৰীলাৰ ছবি “Vazhakku Enn 18/9”। ছবিখনত উৰ্মিলাৰ চৰিত্ৰটোৱে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল; ছবিখনত তেওঁ “শ্লাম” সমূহত বাস কৰা এগৰাকী বন কৰা মহিলাৰ চৰিত্ৰ ৰূপায়ন কৰে। ইয়াৰ উপৰিও তেওঁ অসমীয়া টেলিভিছন ক্ষেত্ৰখনতো ভৰি দিয়ে।

“মাৰ্ডাৰ”, “তেজীমলা”, “ক্ৰাইম পেট্ৰ’ল” আদি ধাৰাবাহিকত ইতিমধ্যে উৰ্মিলাক দৰ্শকে দেখিবলৈ পাইছে। উৰ্মিলাই বাংলা ছবিৰ লগতে নিজ মাতৃভাষাৰ কেইবাখনো ছবিতো অভিনয় কৰিছে। “কথানদী”, “অন্তৰীণ” তথা “বকুল” আদি ছবি ইয়াৰ ভিতৰত উল্লেখনীয়। আগন্তুক সময়ত উৰ্মিলাক আকৌ এখন অসমীয়া ছবি “গুৱাহাটী ডাইৰীজ” ত দেখিবলৈ পোৱা যাব।

এই ছবিখনত তেওঁৰ সৈতে থাকিব উদয়ন দুৱৰা লগতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াও। “পাটনা ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল”, “শৈলধৰ বৰুৱা ফিল্ম ফেষ্টিভেল” তথা “প্ৰাগ চিনে এৱাৰ্ড”ত ইতিমধ্যে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে।
Add comment