Rupaliparda.com
ৰোমান্টিক নহয়; ৰিম্পী দাস-গুঞ্জন ভৰদ্বাজৰ যুঁটিয়েহে আকৰ্ষণ কৰিলে দৰ্শককঃ 1

ৰোমান্টিক নহয়; ৰিম্পী দাস-গুঞ্জন ভৰদ্বাজৰ যুঁটিয়েহে আকৰ্ষণ কৰিলে দৰ্শককঃ

আমি বৰ্তমানলৈ বহু ৰোমান্টিক যুঁটি দেখিছো; যি যুঁটিয়ে দৰ্শকক আকৰ্ষণ কৰা উপৰিও ছবিখনৰ কাহিনীক জীয়াই ৰাখে। কিন্তু অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইতিমধ্যে এনে বহু যুঁটিৰ উদাহৰণ আমি পাইছো যাৰ অভিনয়ে দৰ্শকৰ মন জিনিবলৈও সক্ষম হৈছে। কিন্তু, এইবাৰ আমি কোনো ৰোমান্টিক যুঁটি নহয়; আপোনালোকক ক’ম এটি ভাতৃ-ভগ্নীৰ যুঁটিৰ কথাহে। ৰাষ্ট্ৰীয় ক্ষেত্ৰত নাম উজ্বলোৱা ৰিম্পী দাস তথা তেওঁৰ ভাতৃ ও বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ শেহতীয়াকৈ কৰা ফটোশ্বুটে চৰ্চা লাভ কৰিছে। মুখত ষ্টাইলিচ মাস্ক লগতে ভাতৃ-ভগ্নীৰ এই যুঁটিটোক প্ৰশংসা কৰিছে তেওঁলোকৰ অনুৰাগীয়েও। অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই ৰিম্পী দাসক লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে।

https://www.instagram.com/p/CAiYe_6Al1d/?utm_source=ig_web_copy_link


ইয়াৰ পিছতেই, অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭ খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে। আনহাতে, তেওঁৰ ভাতৃ গুঞ্জন ভৰদ্বাজ অভিনয় ক্ষেত্ৰত সোমাই পৰিছিল অপৰিকল্পীয়ভাৱে; বাংগালোৰত চাকৰি কৰি গুৱাহাটীলৈ উভতি অহা এই গৰাকী অভিনেতাক পোনপ্ৰথমবাৰৰ বাবে দৰ্শকে দেখিছিল “জানমণি ১২” ভিচিডি খনত।

ৰোমান্টিক নহয়; ৰিম্পী দাস-গুঞ্জন ভৰদ্বাজৰ যুঁটিয়েহে আকৰ্ষণ কৰিলে দৰ্শককঃ 2

তিনিচুকীয়াত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাৰ প্ৰথমখন চিনেমা আছিল টি.আৰ.পি আৰু… । ইয়াৰ পিছতেই, “অহেতুক”, “ৰাফ এণ্ড টাফ”, “তুমি আহিবানে”, “প্ৰিয়াৰ প্ৰিয়”, “কেলেণ্ডাৰ”, “ককাইদেউ বিন্দাছ” আদি চিনেমাৰ লগতে থিয়েটাৰতো নিজ অভিনয়ৰ যাদু দেখুওৱা এই গৰাকী অভিনেতাই। গুঞ্জনৰ বৰ্তমান অনুৰাগী সংখ্যাও এতিয়া সৰ্বাধিক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform