“লক-ডাউনে” ইতিমধ্যে সকলোকে ভীতিগ্ৰস্ত কৰি তোলাৰ লগতেই চলিত বৰ্ষটোত সংঘটিত বহু দুখ লগা বাতৰিয়ে ইতিমধ্যে মৰ্মাহত কৰি তুলিছিল সমগ্ৰ জনসাধাৰণক। কেৱল বিভিন্ন জন অভিনেতা ও শিল্পীৰ মৃত্যুয়ে নহয়; সকলোকে শোকস্তব্ধ কৰি তুলিছিল প্ৰকৃতিৰ ওপৰত একাংশই কৰা নিৰ্মম প্ৰহাৰক লৈও। “লক-ডাউনে” প্ৰত্যেকজন জনসাধাৰণৰ পৰা আৰম্ভ কৰি অফিচ- কাছাৰী আদি সকলোবোৰ বস্তু স্তব্ধ কৰি তুলিছিল যদিও জিৰণি ল’বলৈ আহৰি পোৱা নাছিল প্ৰকৃতিৰ অন্যতম সৃষ্টি গছ-গছনিয়ে। অহৰহ তেওঁলোকৰ কৰ্মই কাৰোবাৰ মনলৈ প্ৰশান্তি অনাৰ উপৰিও ভাগৰুৱা জনক আৰাম দিছে এওঁলোকে। বিশ্ব পৰিৱেশ দিৱসক উদ্দেশ্যি মুক্তি লাভ কৰা কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ গীত “তোৰহে জিৰণি নাই” য়ে লাভ কৰিছে এতিয়া দৰ্শক ও শ্ৰোতাৰ বহুল সমাদৰ। গীতটিৰ ভিডিঅ’ মনোগ্ৰাহী হোৱাৰ উপৰিও ইয়াত পৰিৱেশ কৰ্মী যাদৱ পায়েঙকো দেখিবলৈ পোৱা গৈছে; যাক নতুন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে “ভাৰতৰ অৰণ্য মানৱ” উপাধি দিয়ে আৰু ২০১৫ চনত তেওঁক প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা। আনহাতে, গীতটিৰ ভিডিঅ’টোত আন এগৰাকী পৰিৱেশ কৰ্মী মনোজ গগৈকো দেখিবলৈ পোৱা গৈছে।
সদ্যমুক্তিপ্ৰাপ্ত উক্ত আচুৰ্য্যৰ গীতটিত কথা পাপলু চেতিয়াৰ আৰু সংগীত অৰূপজ্যোতি বৰুৱাৰ। সংগীত পৰিচালকৰ দায়িত্বত আছিল অৰ্ণৱ বশিষ্ঠ লগতে ইয়াত শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা সুব্ৰত কাকতিৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ। গীতটি মুক্তি লাভ কৰা পিছতেই দৰ্শকে ইয়াক সঁহাৰি জনোৱাৰ লগতে গীতটিক ভাইৰেলো কৰি তুলিছিল চচিয়েল মিডিয়াত। বৰ্তমান ইউটিউবত গীতটিৰ ভিউৱাৰচৰ সংখ্যা হৈছে ১ লাখতকৈও অধিক।

“মলয়া বাইদেউৰ জীয়েক”, “তৰালী”, “ইংলিচ বাইদেউ” আদি কেইবাটাও গীতত জনপ্ৰিয়তাৰ মোহৰ লগোৱা আচুৰ্য্য বৰপাত্ৰৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “পাৰা যদি হোৱানা মোৰ” য়েও মুক্তি পোৱাৰ পূৰ্বেই ভাইৰেল হৈ পৰিছিল সকলো পিনেই।
Add comment