বৰ্তমান চচিয়েল মিডিয়াত চৰ্চা লাভ কৰি থকা এখন ছবি হৈছে “Axone” (আখুনী)। উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক ও অসম সন্তানৰ দৃশ্যগ্ৰহণৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে বহুল সঁহাৰি। চলিত মাহৰ ১২ জুন তাৰিখে নেটফ্লিক্সত মুক্তি পাবলগীয়া এই ছবিখন পোন-প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ কৰা হৈছিল BFI London Film Festival ত আৰু আনহাতে বিগত বৰ্ষত Mumbai Film Festival ত প্ৰদৰ্শিত এই ছবিখনক দৰ্শকে থিয় হৈ হাত চাপৰি বজাই প্ৰশংসা কৰা বুলি শুনিবলৈ পোৱা গৈছিল। উক্ত ছবিখনৰ দৃশ্যগ্ৰহণকাৰী অসম সন্তান পৰাশৰ বৰুৱাই ২০১২ চনত অসম ৰাজ্যিক ছবি বঁটাৰ “শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ অসমীয়া কেইবাখনো অসমীয়া ছবি ক্ৰমে জাতিংগা ইত্যাদি, জাংফাই জোনাক, ক্ষোভ আৰু দিকচৌ বনত পলাশ আদিৰ লগতো জড়িত হৈ পৰিছিল। উল্লেখ্য যে, “দিকচৌ বনত পলাশ” ছবিখনে ২০১৭ চনত ৰাষ্ট্ৰীয় বঁটাৰ “The Nargis Dutt Award For Best Feature Film” লাভ কৰিবলৈ সক্ষম হৈছিল। মুম্বাইস্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট ইণ্ডিয়া চমুকৈ FTTI ৰ পৰা পাছ কৰি অহা পৰাশৰে মুম্বাইতে থাকি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন তথ্যচিত্ৰ আৰু মিউজিক ভিডিঅ’ৰ সৈতেও জড়িত হৈ আছে।
“আখুনী” ৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰি ৰূপালীপৰ্দাৰ সৈতে পৰাশৰ বৰুৱাৰ হোৱা এক্সক্লুচিভ কথা-বতৰাত তেওঁক যেতিয়া ছবিখনক লৈ হোৱা অভিজ্ঞতাৰ বিষয়ে সোধা হৈছিল তেতিয়া কয় যে, “২০১৭ চনৰ শেষৰ ফালে যেতিয়া ছবিখনৰ চিত্ৰনাট্য খিনি পঢ়িবলৈ পাইছিলো তেতিয়া মই প্ৰথম প্ৰতিক্ৰিয়াতে এই ছবিখন গ্ৰহণ কৰি লৈছিলো কাৰণ ইয়াৰ আগত মই কোনো ছবিৰ এনে “ট্ৰীটমেন্ট” দেখিবলৈ পোৱা নাছিলো। উৎসাহ আৰু উৎকন্ঠাৰ সৈতে ছবিখনক লৈ বিভিন্ন প্ৰশ্নও মোৰ মনত সৃষ্টি হৈছিল। যদিও এই ছবিখন বন্ধুত্ব নাইবা নিত্য নৈমিত্তিক ঘটা কাহিনীৰ ওপৰত নিৰ্মিত তথাপিও ছবিখন আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত আধাৰ কৰা হৈছিল। ইয়াত কেৱল “আখুনী” ৰে বনোৱা খাদ্যটোৱেই সন্নিৱিষ্ট নাছিল; ইয়াত আছিল উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকল দিল্লীলৈ নাইবা আন ঠাইলৈ গৈ তেওঁলোকৰ তাত হোৱা অভিজ্ঞতা; সৰু-বৰ সমস্যা লগতে সামাজিক ও সাংস্কৃতিক ক্ষেত্ৰত হোৱা ভিন্ন মতভেদক লৈ “আখুনী” ৰ কাহিনীভাগ আচলতে আগবাঢ়িছে।”
ইয়াৰ উপৰিও, ছবিখনক লৈ পৰাশৰে কয় যে, “এতিয়ালৈ এই ছবিখনক লৈ আমাৰ পৰিচালক Nicolas Kharkongor ৰ সৈতে মোৰ বহু বাৰ কথা হৈছে যে আমি এনে এটা গম্ভীৰ বিষয়বস্তুক কেনে ধৰণে সহজ- সৰল ও লঘু হাস্যৰসাত্মক ভাৱত দৰ্শকৰ আগত উপস্থাপন কৰিম আৰু কিয়? আমি দুয়ো গৰাকী উত্তৰ-পূৰ্বাঞ্চলৰ আৰু দুয়োৰে একে ধৰণৰ অভিজ্ঞতাই হৈছিল বাহিৰলৈ যাওঁতে। গতিকে ছবিখনৰ কেৱল মাত্ৰ এগৰাকী চিনেমেটো’গ্ৰাফাৰ হোৱাৰ উপৰিও মোৰ দায়িত্ব আছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ নিবাসী হিচাপে মোৰ কেমেৰা আৰু মোৰ দৃষ্টিভংগীৰে অথবা মোৰ বন্ধুসদৃশ লেনচৰ মাজেৰে ছবিখনৰ কাহিনীভাগ পুংখানুপুংখ ভাৱে উপস্থাপন কৰিব পাৰো। মোৰ লেনচৰ ক্ষেত্ৰত থকা পৰিপক্কতা লগতে লাইটিং ও লোকেশ্বন আদিৰ ক্ষেত্ৰত থকা সমগ্ৰ বোধগম্যতাক ব্যৱহাৰ কৰি মই ছবিখনৰ যোগেৰে নতুনত্ব আনিবলৈ চেষ্টা কৰিছো। আচলতে, এইক্ষেত্ৰত মোক সহায় কৰিছিল মোৰ সহঃ চিনেমেটো’গ্ৰাফাৰ ধীৰাজ চেতিয়াই। আমি কেতিয়াও ভবা নাছিলো যে ছবিখন ইয়াৰ মানুহখিনিৰ আৱেগৰ সৈতে জড়িত হৈ পৰিব।
ইতিমধ্যে ভিন্ন খন ছবি সমাৰোহত ছবিখনে মনোনয়ন লাভ কৰাত আমি উৎফুল্লিত হৈ পৰিছিলো। ছবিখন চাবলৈ যেতিয়া দৰ্শকৰ দীঘলীয়া শাৰী আমি দেখিছিলো তেতিয়া আমাৰ দিল্লীত সেই প্ৰচণ্ড ৰ’দত কৰা শ্বুটিং সমূহ সাৰ্থক হৈ পৰিছিল। দিল্লীত হুমায়ূনপুৰ নামে এখন ঠাই আছে; য’ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় লোকে বাস কৰে। এটা সময়ত এই ছবিখনৰ পৰিচালক নিকো তাতেই আছিল গতিকে তেওঁ যেতিয়া ছবিখন লিখিছিল তেতিয়া তেওঁৰ অভিজ্ঞতাবোৰো ইয়াত লিখিছিল। গতিকে, মই দৃশ্যগ্ৰহণ কাৰী ৰূপে মোৰ আগত এক প্ৰত্যাহ্বান আছিল যে কাহিনীটোৰ সত্যতা প্ৰদৰ্শনত যাতে মোৰ ভুল নহয়। প্ৰত্যেক দিনাই চেষ্টা কৰিছিলো যাতে মই ছবিখনক দৰ্শকৰ মাজলৈ ধুনীয়াকৈ লৈ আনিব পাৰো; এজন চিনেমেটোগ্ৰাফাৰ হিচাপে মই কেৱল ধুনীয়া শ্ব’ট লৈ দৰ্শকক কাহিনী বুজাব বিচৰা নাছিলো, মই বিচাৰিছিলো যাতে মোৰ ভিডিঅ’ ট্ৰীটমেন্টে তেওঁলোকৰ সমুখত কাহিনী প্ৰস্তুত কৰে। আৰু ,এতিয়া যিহেটো এইখন নেটফ্লিস্কত মুক্তি পাবলৈ গৈ আছে মই ইয়াত উৎসাহিত হোৱাৰ লগতে অকণমান ভয়ো খাইছো। কাৰণ মোৰ ঘৰখনৰ লগতে যদি আমাৰ মানুহখিনিয়ে এই ছবিখন আদৰি লয় মই আটাইতকৈ সুখী হ’ম।
শেষতে পৰাশৰ বৰুৱাই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত থকা Yoodlee Films কো ধন্যবাদ জ্ঞাপন কৰে। “আখুনী” ছবিখন তেওঁলোক প্ৰত্যেকজন সদস্যৰ বাবেই যে মহত্বপূৰ্ণ আৰু ছবিখনত এটা গুৰুত্বপূৰ্ণ অংশীদাৰ হ’বলৈ পাই পৰাশৰ বৰুৱা সুখী হৈ পৰিছে বুলি ব্যক্ত কৰে তেওঁ।
Add comment