Rupaliparda.com
"বন্দী" ক প্ৰশংসা অংগৰাগ পাপন মহন্তৰঃ 1

“বন্দী” ক প্ৰশংসা অংগৰাগ পাপন মহন্তৰঃ

“লক-ডাউন” ৰ সময়ছোৱাত নিৰ্মিত এটি গীতক প্ৰশংসা কৰিলে কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। Cultivators ৰ নিবেদন “বন্দী” য়ে জনসাধাৰণৰ লগতে আকৰ্ষণ কৰিছে ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত কন্ঠশিল্পী অংগৰাগকো। গীতটিৰ কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাই এটি পোষ্ট যোগে পাপনক ধন্যবাদো জ্ঞাপন কৰে। উল্লেখ্য যে, “লক-ডাউনে” আৱদ্ধ কৰি ৰখা একাংশ জনসাধাৰণৰ সমান্তৰালকৈ নিজ পৰিয়ালৰ পৰা আঁতৰত আৱদ্ধ হৈছিল কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাও। এই সময়খিনিত জনসাধাৰণে অনুভৱ কৰা এটি অনুভৱক সুন্দৰ ৰূপত প্ৰকাশ কৰাত “বন্দী” ক ভাইৰেল কৰি তুলিছিল শ্ৰোতা ও দৰ্শকে। নিজ ভাৱখিনিক এটি গীত যোগে প্ৰকাশ কৰাত উক্ত Cultivators ব্ৰেণ্ড যে সফল সেয়া একাষাৰেই মানি ল’লেও হয়টো ওপৰঞ্চি নহ’ব। এই গীতটিৰ বৰ্তমান ইউটিউবত ভিউৱাৰচৰ সংখ্যা হৈছে ৬ হাজাৰতকৈও ওপৰত।

"বন্দী" ক প্ৰশংসা অংগৰাগ পাপন মহন্তৰঃ 2


“বন্দী” শীৰ্ষক গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা অৰূপজ্যোতি বৰুৱাৰ। সংগীত প্ৰযোজনা ও গীতাৰৰ দায়িত্বত আছিল ইশানু লগতে গীতৰ শব্দ সংমিশ্ৰণ ভাস্কৰ শৰ্মাৰ (Euphony Studio, Mumbai) আৰু ইয়াৰ সম্পাদনা উপামান্যু দাসৰ। “বন্দী” ৰ ভিডিঅ’ পৰিচালনা ও দৃশ্যগ্ৰহণ উপামান্যু দাসৰ আৰু ইয়াত তেওঁক সহায় কৰিছে প্ৰাচুৰ্য্য দেৱ চৌধুৰীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform