Rupaliparda.com
গৌতম কোঁৱৰৰ ন-গীত "ধুমুহা"- 1

গৌতম কোঁৱৰৰ ন-গীত “ধুমুহা”-

অসমীয়া ছবি অথবা চুটি ছবি বুলিয়েই নহয়; সংগীত ক্ষেত্ৰখনত হৃদয়স্পৰ্শী বিষয়বস্তুৰে কেইবাটাও গীতৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এনে সুন্দৰ একোটা গীতৰ প্ৰতি আকৰ্ষিত নোহোৱাকৈও আচলতে থকা নাই জনসাধাৰণো। সৰুৰে পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰা গৌতম কোঁৱৰৰ কন্ঠৰে মুক্তি লাভ কৰিছে আন এটি গীত “ধুমুহা”। ধেমাজিত জন্মগ্ৰহণ কৰা গৌতমে নিজ সংগীত যাত্ৰা “মইনা পাৰিজাত” ৰ দিনৰ পৰাই আৰম্ভণি কৰিছিল। ধেমাজি সংগীত মহাবিদ্যালয়ত ক্লাচিকেল সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে সুবাসনা দত্তৰ লগতে আন কেইবাগৰাকীও কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে। জনপ্ৰিয়তাৰ মুকুটত ক্ৰমশ চুমুক দিবলৈ সাজু হোৱা এই গৰাকী কন্ঠশিল্পীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “ধুমুহা” গীতটিৰ বাবে তেওঁৰ অনুৰাগীও উৎসাহী হৈ থকা দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰখনত বিভিন্ন জন সংগীত শিল্পীৰ সমাহাৰ ঘটিলেও আচলতে ইয়াৰ ভিতৰত এনে একাংশ কন্ঠশিল্পী আছে যাৰ সংগীতৰ বিষয়বস্তুয়ে টানিবলৈ সক্ষম হয় শ্ৰোতা ও দৰ্শকক।

গৌতম কোঁৱৰৰ ন-গীত "ধুমুহা"- 2
গৌতম কোঁৱৰৰ ন-গীত "ধুমুহা"- 3


Dark House আৰু Pink Rose Entertainment ৰ নিবেদন “ধুমুহা” ত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে গৌতম কোঁৱৰে। আনহাতে, গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু গীতটিত সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ প্ৰিয়াংকু বৰদলৈৰ। ইয়াত বাদ্য-যন্ত্ৰ অৰ্থাৎ ড্ৰামৰ পৰিচালনা আৰু বজাইছে বিৰাজ বৈশ্যই। “Bass Guitar” বজাইছে ৰিছভে। লগতে, গীতটিৰ পৰিচালনাৰ দায়িত্বত আছিল “ৰত্নাকৰ”, “কাঞ্চনজংঘা” আদি ছবিৰ সৈতে জড়িত দীপক দে। “ধুমুহা” ৰ বাণীবন্ধন কৰা হৈছে Studio Brahma ত প্ৰিয়াংকু আৰু Studio S.M Audio Visual ত শশাংক দলেৰ দ্বাৰা। গীতটিৰ সম্পাদনা অসীম শৰ্মাৰ আৰু ইয়াৰ ভিডিঅ’ ৰ বাবে দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। “ধুমুহা” ত পোনপ্ৰথম বাৰৰ বাবে দেখিবলৈ পোৱা যাব সিদ্ধাৰ্থ বৰগোঁহাই আৰু সুমন বৈশক।

গৌতম কোঁৱৰৰ ন-গীত "ধুমুহা"- 4


মানৱ জীৱনৰ ঘাত-প্ৰতিঘাত তথা পাইও হেৰুওঁৱাৰ বেদনাক কেন্দ্ৰ কৰি গীতটিক ৰচনা কৰা হৈছে। মনুষ্যই প্ৰত্যেকটো সময়ত এজাক “ধুমুহা” ৰ সন্মুখীন হ’বলগীয় হয় আৰু এই “ধুমুহা” জাকৰে বিৱৰণ ঢালি নিৰ্মাণ কৰা হৈছে এই গীতটি। আন্ধাৰে কালিমা সানিলেও যে এদিন হ’লেও ইয়াত পোহৰে পোখা মেলে তাক বৰ্ণোৱা হৈছে “ধুমুহা” ত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform