উপন্যাস ও ছবিৰ মাজত এক সম্পৰ্ক আছে। এখন উপন্যাসৰ কাহিনী একোখন ছবিলৈ ধাৱমান কৰা ইতিমধ্যে আমি দেখিছো। আচলতে, ইয়াৰ কাহিনী সমূহকো আকৌ এবাৰ ছবি আকাৰে আকোঁৱালি লোৱাও দেখিবলৈ পোৱা গৈছে জনসাধাৰণক। এনে এক উপন্যাসৰ পটভূমিত নিৰ্মিত এখন অসমীয়া ছবিয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান। হোমেন বৰগোঁহাই এনে এজন ঔপন্যাসিক ও গল্পকাৰ; যাৰ কাহিনীত মছগুল হৈ পৰে বহু জনসাধাৰণ। তেওঁৰ উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মিত “হালধীয়া চৰায়ে বাওঁধান খায়” য়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ই কেইবাটাও ঠাইত বঁটা লাভ কৰিবলৈও সক্ষম হৈ পৰিছিল। এইবাৰ তেওঁৰ একে নামৰ উপন্যাসৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত “সুবালা” য়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন।

Lift-off Sessions Film Festival, UK” ৰ বাবে ছবিখনে লাভ কৰে মনোনয়ন। নাৰীকেন্দ্ৰিক এই ছবিখনত অনিচ্ছাৰে বেশ্যা প্ৰবৃত্তিত নামি পৰা এগৰাকী নাৰীৰ কাহিনীক প্ৰতিফলিত কৰা হৈছে। চলিত বৰ্ষতেই ছবিখন মুক্তি দিয়া কথা আছিল যদিও “কভিড ১৯” ৰ ফলত ছবিগৃহসমূহ খুলিবনে নাই; সেয়া বৰ্তমান এক প্ৰশ্ন হৈ পৰিছে।


মুন্না আহমেদৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ মূখ্য চৰিত্ৰটি ৰূপায়ন কৰিছে উৰ্মিলা মহন্ত, অপ্সৰা দাস, অতুল পাঁচনি, হিমাংশু প্ৰসাদ দাস, সিদ্ধাৰ্থ মূখাৰ্জী, পদ্মৰাগ গোস্বামী, প্ৰতিভা চৌধুৰী, প্ৰণামী বৰা, কুশল গগৈ, নিলা শইকীয়া, ভায়লিনা বৰুৱা, পূজা আৰু পৰেশ শইকীয়াই। গুৱাহাটী, মিৰ্জা, পলাশবাৰী আৰু কামৰূপত শ্বুটিং সম্পন্ন কৰা “সুবালা” ত সংগীত তৰালী শৰ্মাৰ। অভিস্কা ফুকনৰ চিত্ৰনাট্য আৰু সুমন দুৱৰাৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ প্ৰযোজনা আব্দুল মানান ফাৰুকৰ। ছবিখনৰ ৰূপ-সজ্জা বিশ্ব কলিতা আৰু ভাস্কৰ কলিতাৰ আৰু সাজ-সজ্জা ৰাণী দত্ত বৰাৰ।
Add comment