“ক’ৰ’ণা ভাইৰাছে” জনজীৱনলৈ আতংক নমাই আনিলেও একাংশৰ বাবে ক’ৰ’ণা ভাইৰাছৰ ফলত হোৱা স্তব্ধতাই অকণমান জিৰণিৰ অৱকাশ দিয়াহে দেখিবলৈ পোৱা গৈছিল। নিজৰ ভাল লগা কাম সমূহেৰে সময় অতিবাহিত কৰাৰ লগতে এওঁলোকে কিছু সময় বিৰতি পোৱা ফলত পৰিয়ালৰ সৈতেও সময় কটাবলৈ সক্ষম হৈছিল। সময়ৰ অভাৱত পিছত এৰি অহা কিছু ভাল লগা কামক সময় প্ৰদান কৰি নিজ ইচ্ছাক পুনৰ জীয়াবলৈ সক্ষম হৈছিল একাংশ। এনে ইচ্ছাৰ লগতে আগবাঢ়ি গৈছিল এগৰাকী অভিনেত্ৰীও; যি গৰাকীয়ে নিজ বাসগৃহতেই নিজাববীয়াকৈ বিভিন্ন ৰকমৰ শাক-পাচলিৰ উৎপাদন কৰি সময় অতিবাহিত কৰিছিল। এই গৰাকী অভিনেত্ৰীক হয়টো পুনৰ এবাৰ আপোনালোকৰ মাজত চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। তেওঁ ইতিমধ্যে নিজৰ পোষ্ট সমূহেৰে নিজ কামৰ এটা সৰু নিৰ্দশন দাঙি ধৰিছিল; তেওঁ হৈছে “আমিষ” ছবিখনত অভিনীত জনপ্ৰিয় অভিনেত্ৰী নিতালী দাস। থিয়েটাৰ জগতৰ পৰা নিজৰ নামত জনপ্ৰিয়তা আঁজুৰি অনা এই গৰাকী অভিনেত্ৰীক আপোনালোকে নিশ্চয় কেইবাখনো ধাৰাবাহিকতো এওঁৰ অভিনয় উপভোগ কৰিছে। ইন্দ্ৰধনু, অপৰাধ, ঘৰ-সংসাৰ আদি ইয়াৰ ভিতৰত উল্লেখনীয়। উল্লেখ্য যে, নিজ ঘৰতেই অৰ্গেনিক শাক-পাঁচলিৰ উৎপাদন কৰি নিৰ্মালীয়ে কেৱল নিজ ঘৰখনকেই যে পুষ্টিকৰ খাদ্য খোৱাবলৈ চেষ্টা কৰিছে তেনে নহয়; শাক-পাঁচলিৰ এই উৎপাদন শৈলীৰ কথাওঁ তেওঁ বহুতকে জনাই ইয়াৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁক “ক’ৰ’ণা ভাইৰাছৰ ভয়াৱহতা” আৰু জনসাধাৰণৰ মানসিকতাক লৈ কি ভাৱে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে,

” আচলতে, এনেক্ষেত্ৰত ভিন্ন জনে ভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। একাংশৰ বাবে টকা-পইচাৰ অভাৱ হ’লেও একাংশই সন্মুখীন হৈছে ঘৰুৱা কিছু বেয়া পৰিস্থিতিৰ। কিছুমান এনেও মানুহ আছে যিয়ে “লক-ডাউন”ৰ প্ৰথমভাগত ক’লৈকো যোৱা নাছিল আৰু “লক-ডাউন” ৰ নিয়মসমূহ ভালকৈ পালন কৰিছিল কিন্তু এতিয়া ৰাষ্টাত বহুখিনি মানুহক দেখিবলৈ পাই তেওঁলোকো কোনো কাম নোহোৱাকৈ ওলাই গৈছে। আনহাতে, কিছুমানে মাস্ক পিন্ধিছে কেৱলমাত্ৰ পুলিচে ধৰিব বাবেহে; নহ’লেটো তেওঁলোকে কথা পাতোতেও মাস্ক খন খুলি দিছে অথবা বস্তু এটা ক্ৰয় কৰিবলৈ যাওঁতেও মাস্ক খন খুলি দিছে যে কথা খিনি আনজনে যাতে স্পষ্টকৈ শুনে। ইয়াত আচলতে, তেওঁলোকৰ ভুল নাই বুলিয়ে মই ভাবো কিয়নো এয়া পৰিস্থিতিয়ে তৎক্ষণাত কৰা এটা কাম; গতিকে মগজুৰ পৰা এই মাস্ক খনৰ কথা পাহৰিয়ে থাকে হয়টো তেওঁলোকে। ইয়াৰ উপৰিও আমাৰ মানুহখিনি ভয় নোখোৱা কাৰণ হৈছে যে যিহেটো অসমত মৃত্যুৰ সংখ্যা অলপ কম অথবা বহুতক দেখোন ঘৰলৈয়ে যাবলৈ দিয়া হৈছে গতিকে আমাৰ কিছুমান মানুহে ভাৱিছে যে ক’ৰ’ণা হ’লেওনো কি হ’ব? আমি বাচি আহিম। এইবোৰ কথাৰ মাজত তেওঁলোকে পাহৰিয়ে থাকে যে ১৪ দিনৰ কোৱাৰেণ্টাইনত তেওঁলোক কিমান কষ্টৰ সন্মুখীন হ’ব পাৰে! সংবাদ মাধ্যম আৰু সংবাদ পত্ৰত আমি সকলোৱে এইবোৰ দেখিয়েই আছো। সাহস ৰখাটো ভাল কিন্তু সাৱধানতাও তেওঁলোকে অৱলম্বন কৰাটো মই বিচাৰিম। কাৰণ, জনসাধাৰণে হোৱা অকণমান সজাগতা আৰু সচেতনতাই যে এইকেইটাদিনত তেওঁলোকক কিমান বচাব পাৰে সেয়া প্ৰত্যেকজন জনসাধাৰণে ভৱাটো উচিত। নহ’লেটো ১৪ টা দিনৰ বাবে তেওঁৰেই অসুবিধা হ’ব পাৰে; নহয় জানো??” মোৰ বিশ্বাস যে সকলোখিনি আমাৰ হাতত নাই কিন্তু কৰিব পৰা যিখিনি আমি কৰিব পাৰো অৰ্থাৎ সামাজিক সচেতনতা, প্ৰকৃতি, হাবি-বনখিনিৰ সংৰক্ষণ কৰাৰ লগতে জীৱ-জন্তুৰ প্ৰতি মৰম-চেনেহ দি আগন্তুক প্ৰজন্মলৈ আমি এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিব পাৰো।


আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত তেওঁ আহিবলগীয়া ছবিখনৰ বিষয়ে কোৱাৰ উপৰিও পৰিচালক ভাস্কৰ হাজৰিকাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি নৱপ্ৰজন্মৰ নৱাগত পৰিচালক কুলনন্দিনীৰো অভিনেত্ৰী গৰাকীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে, “এমুঠি পুঠি” মোৰ এখন আহিবলগীয়া ছবি; আচলতে মই ৰূপালীপৰ্দাৰ দ্বাৰাই ভাস্কৰ হাজৰিকাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিম; কাৰণ তেওঁ মোৰ অভিনয়ত বিশ্বাস কৰিছে। মোক ছবিলৈ অনা ভাস্কৰ হাজৰিকাৰ প্ৰতি মই সদায় চিৰকৃতজ্ঞ। আনহাতে, “এমুঠি পুঠি” ৰ পৰিচালকগৰাকীৰো পৰিচালনাৰ ক্ষেত্ৰত প্ৰথম খন ছবি। কুলনন্দিনীক “আমিষ” তো পাইছো; দেখিছো তেওঁৰ কাম। ভাল লাগে উঠি অহা প্ৰজন্মৰ সৈতে কাম কৰিবলৈ, বহুত শিকিবও পৰা যায়। অভিজ্ঞতাও হয় গতিকে “এমুঠি পুঠি” খনক লৈ মই একপ্ৰকাৰ উৎসাহীও। ইয়াৰ লগতে, বহু কেইটা অইন প্ৰকল্পৰ বাবে কথা চলি থকা হৈছে যদিও এই পৰিস্থিতিটোৰ বাবে মই কেইদিন মান ৰৈ দিছো। জুলাই মাহৰ পৰা কাম কৰিম বুলি নিজকেই মানসিক ভাৱে মই প্ৰস্তুত কৰিছো।”
Add comment