অসমীয়া অভিনয় জগত খনত এনে কিছু নৱপ্ৰজন্মৰ অভিনেতা- অভিনেত্ৰীৰ সংযোগ ঘটিছে যিয়ে অধিক কাম নাই কৰা যদিও তেওঁলোকৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। ইতিমধ্যে এনে বহু অভিনেতা-অভিনেত্ৰীৰ কথা আপোনালোকে শুনিছে অথবা এওঁলোকক দেখিছে। পৰিৱেশ্য কলাৰ শিক্ষা অৰ্জন কৰি অভিনয়ক নিজৰ পেছা ৰূপে নিৰ্ধাৰণ কৰা ৰঞ্জিতা কাশ্যপ বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান অভিনেত্ৰী। মনোজ বৰকটকীৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতনামা চুটি ছবি “দাই” ত দেখিবলৈ পোৱা এইগৰাকী অভিনেত্ৰীক শেহতীয়াকৈ দৰ্শকে দেখিবলৈ পাব পৰিচালক ও প্ৰযোজক মানবেন্দ্ৰ অধিকাৰীৰ এখন চুটি ছবিত। ইতিমধ্যে চুটি ছবিখনৰ শ্বুটিং সমাপ্ত কৰা হৈছে। আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমাৰ সৈতে আছে এইগৰাকী অভিনেত্ৰী; তেওঁৰ বিষয়ে জানিম বিভিন্ন কথা। চাওঁ চোন আহকঃ

প্ৰশ্নঃ তোমাৰ বাবে “শিল্পী” মানে কি??
ৰঞ্জিতা কাশ্যপঃ মোৰ মতে, শিল্পী মানে এজন যোদ্ধা; যিয়ে অহৰহ যুদ্ধ কৰি যাব লাগিব আৰু কষ্ট কৰিব পাৰিব লাগিব। আচলতে, এই যুদ্ধ ব্যক্তিগত; নিজেই নিজৰ লগত। মই বিচাৰো, এজন শিল্পীয়ে যে কষ্ট কৰে অথবা কাম কৰে সেয়া আনক দেখুৱাবলৈ নাইবা আন দহজনৰ পৰা প্ৰশংসা পাবলৈ কৰিব নালাগে। একো একোজন শিল্পী হিচাপে আমি নিজকে নিজৰ কামৰ জৰিয়তে সংশোধন কৰাতোও যথেষ্ট জৰুৰী। শিল্পীৰ নামত কৰা তথাকথিত “জাকজমকতা”বোৰ মোৰ ভাল নালাগে ; মোৰ মতে প্ৰকৃত শিল্পীসকল মাটিৰ মানুহ। আমি এইতোও চাব লাগিব যে আমি যদি নিজকে শিল্পী বুলি কৈছো তেনেহ’লে আমি মনৰ পৰা নিস্বাৰ্থ ভাৱে কাৰো পৰা কোনো প্ৰশংসাৰ আশা নকৰাকৈ সঠিকভাৱে কিমান কাম কৰিছো। এজন প্ৰকৃত শিল্পীৰ পৰাহে মানুহৰ বহুত আশা থাকে। আৰু, সেই আশা পূৰণ হ’ব তেতিয়া; যেতিয়া আমি সঠিকভাৱে শিল্পী হোৱাৰ সেই মৰ্যাদা ৰাখিব পাৰিম নিজৰ কষ্টৰে কৰা কামৰ জৰিয়তে।

প্ৰশ্নঃ তুমি অভিনয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত?
ৰঞ্জিতা কাশ্যপঃ মোৰ অভিনয়ৰ আৰম্ভণি হৈছিল স্কুলত পঢ়ি থকাৰ দিনৰ পৰা; স্কুলত থাকোতে দুই এখন নাটক কৰিছিলো। কিন্তু, আনুষ্ঠানিকভাৱে অভিনয় আৰম্ভ কৰিছিলো ২০১২ চনৰ পৰা ; সেইটো বৰ্ষতে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্যকলা অধ্যয়ন কেন্দ্ৰত নামভৰ্তি কৰিলো আৰু তাতে মই ৫ বছৰ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছো। তাত পঢ়ি থকাৰ সময়ছোৱাত নাটক কৰিছিলো যদিও গুৱাহাটীলৈ অহাৰ পাছত মঞ্চতকৈ কেমেৰাৰ আগতহে বেছিকৈ অভিনয়ৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে।

প্ৰশ্নঃ ভৱিষ্যতে কোন গৰাকী অভিনেতা/অভিনেত্ৰীৰ সৈতে মঞ্চ ভাগ কৰাৰ ইচ্ছা?
ৰঞ্জিতা কাশ্যপঃ মোৰ অভিনয়ৰ আৰম্ভণি মঞ্চৰ পৰাই যদিও বহুদিন মঞ্চত অভিনয় কৰা হোৱা নাই; সুযোগ পালে নিশ্চয় কৰিম।যিহেতু কেমেৰাৰ লগত বেছি জড়িত হৈ থকা হয় গতিকে কেইগৰাকী মান শিল্পীৰ লগত কেমেৰাৰ আগত অভিনয় কৰাৰ সপোন আছে; নাজানো এয়া সপোন সফল হ’ব নে নাই! তৎস্বত্বেও আদিল হুচেইন চাৰ, অৰুণ নাথ চাৰ , সীমা বিশ্বাস বাইদেউ; এইকেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰাৰ ইচ্ছা আছে। এয়া লাগিলে, অলপ সময়ৰ বাবেই হওঁক, কিন্তু কিবা এটা শিকি আহিব পৰাকে এওঁলোকৰ লগত অভিনয় কৰাৰ বহুত মন আছে।

প্ৰশ্নঃঅসমীয়া ছবি ক্ষেত্ৰত খনত কোন অভিনেতা-অভিনেত্ৰীৰ যুঁটি তোমাৰ প্ৰিয়? এটাতকৈ অধিকো হ’ব পাৰে।
ৰঞ্জিতা কাশ্যপঃ সম্প্ৰতি সময়ৰ নৱপ্ৰজন্মসকলৰ যুঁটি বুলি ক’লে ক’বলৈ অলপ দিগদাৰ হ’ব। কাৰণ, আগৰ সেই ৰোমান্টিক যুঁটি বা মানুহৰ মনত সাঁচ বহুৱাই যাব পৰাকৈ অভিনেতা অভিনেত্ৰীৰ যুঁটি বৰ্তমান সময়ত কম যেন লাগে। কিন্তু, অলপ পাছলৈ যদি ঘূৰি চাওঁ তেতিয়াৰ একাংশ যুঁটিৰ কথা কিন্তু ক’বই লাগিব। প্ৰথমতেই, মই নাম ল’ম বিজু ফুকন চাৰ আৰু মৃদুলা বৰুৱা বাইদেউৰ যুঁটিটোৰ কথা; যিটো মোৰ সদায় প্ৰিয়। তেওঁলোকৰ অভিনয়, যি সৰলতাৰে অভিনয়ত কোনো কৃত্ৰিমতা নথকাকৈ তেওঁলোকে যিকোনো পৰিস্থিতি উপস্থাপন কৰে সেয়া খুব ভাল লাগে। আৰু, আন এটা যুঁটি মোৰ চাই খুব ভাল লাগিছিল, সেয়া হৈছে ৰবি শৰ্মা আৰু গীতাৱালী ৰাজকুমাৰী বাৰ; তেওঁলোকক একেলগে চাই ইমান ভাল লাগিছিল যে যাৰ কাৰণে মই “ককাদেউতাৰ ঘৰ জোঁৱাই” এই চিনেমাখন কিমানবাৰ যে চাইছো হিচাপ নাই।

প্ৰশ্নঃ আগন্তুক কি প্ৰকল্পৰ সৈতে জড়িত?
ৰঞ্জিতা কাশ্যপঃ অভিনয়ৰ লগতে মই আন কিছুমান সৰু সুৰা কামৰ লগতো জড়িত; আমি বন্ধু ৫ জনে লগ হৈ “House of Dreamers” বুলি ইউটিউবত এটা story telling চিৰিজৰ কাম কৰি আছো। ইয়াত আমি এনে এখন প্লেটফৰ্ম বনাবলৈ চেষ্টা কৰি আছো য’ত মানুহে মনৰ কথা ক’ব পাৰে। অভিনয়ৰ ক্ষেত্ৰখনত কাম কৰোতে মই অলপ চালি জাৰি চাই কাম কৰিবলৈ ভাল পাঁও; দুখনমান চিনেমাৰ কাম হাতত আছে । সকলো ঠিকে থাকিলে সেই কামত আগবাঢ়িম। লগতে, মই নিজাকৈ নিজৰ কিছুমান কামতো ব্যস্ত হৈ থাকো।

… ধন্যবাদ ৰঞ্জিতা। তোমাৰ আগন্তুক পৰিকল্পনাৰ বাবে শুভকামনা।
ৰঞ্জিতাঃ ধন্যবাদ
Add comment