Rupaliparda.com
১ লাখ ২৫ হাজাৰত ছবি নিলাম হোৱাৰ পিছত সমালোচনা জুবিন গাৰ্গকঃ 1

১ লাখ ২৫ হাজাৰত ছবি নিলাম হোৱাৰ পিছত সমালোচনা জুবিন গাৰ্গকঃ

জুবিন গাৰ্গে অংকন কৰা এখন চিত্ৰক কৰা হৈছিল নিলাম; ক্ষন্তেকতে অংকন কৰি উলিওৱা এই চিত্ৰখনক লৈ এজন ব্যক্তিয়ে যাঁচিলে ১ লাখ ২৫ হাজাৰ টকা মূল্য। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিত শিল্পী গৰাকীক স্মৰণ কৰি এক ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে আয়োজন কৰিছিল এই অনুষ্ঠানৰ। জুবিন গাৰ্গ সহিতে অংগৰাগ পাপন মহন্ত ও শশাংক সমীৰে এই অনুষ্ঠানতেই একোখনকৈ চিত্ৰ অংকন কৰে যাক অৱশেষত অনুষ্ঠানটোৰ মাজতেই কৰা হয় নিলাম। নিলাম প্ৰক্ৰিয়াত আটাইতকৈ অধিক দৰত বিক্ৰী কৰা হয় জুবিন গাৰ্গৰ ছবিখন। ছবিখনক লৈ চচিয়েল মিডিয়াত একাংশই মিম প্ৰস্তুত কৰা উপৰিও কিছুলোকে ছবিখনৰ বাবে অধিক টকা দিয়াত সমালোচনাৰ সন্মুখীন হয় কন্ঠশিল্পী গৰাকী। কিন্তু ইয়াৰ পিছতে, জুবিনৰ একাংশ অনুৰাগী আগবাঢ়ি আহে এই মিম অথবা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ।

১ লাখ ২৫ হাজাৰত ছবি নিলাম হোৱাৰ পিছত সমালোচনা জুবিন গাৰ্গকঃ 2
১ লাখ ২৫ হাজাৰত ছবি নিলাম হোৱাৰ পিছত সমালোচনা জুবিন গাৰ্গকঃ 3


আচলতে, উক্ত ২০ জুন তাৰিখে সম্প্ৰচাৰিত অনুষ্ঠানত কেৱল মাত্ৰ জুবিন গাৰ্গেই নহয়; চিত্ৰ অংকন কৰে অংগৰাগ পাপন মহন্ত ও শশাংক সমীৰে। এই দুয়োগৰাকী শিল্পীৰো চিত্ৰ নিলাম কৰা হয় ক্ৰমে ১ লাখ ২০ হাজাৰ আৰু ২৫ হাজাৰ টকাত। নিলাম কৰি পোৱা টকা কেইটা আৰ্থিকভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ মাজত বিতৰণ কৰাৰ কথা উল্লেখ কৰে অনুষ্ঠানটোত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.