বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আকৌ এবাৰ বলীউড ক্ষেত্ৰৰ ওপৰত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰা হৈছে। এই ক্ষেত্ৰখনত শিল্পীৰেই শিল্পীৰ মাজত থকা ভেদভাৱকে আৰম্ভ কৰি নেপোটিজিমক লৈও আঙুলি টোৱাইছিল বিভিন্নজনে। ক্ষেত্ৰখনত থকা ভেদভাৱৰ বাবেই অভিনেতা সুশান্ত সিং ৰাজপুতে মৃত্যুক সাৱটি লোৱা বুলি ব্যক্ত কৰে একাংশই। কিন্তু এই কথাক নাকচ কৰে অভিনেতা জিতেন্দ্ৰ কুমাৰে। “শুভ মংগল জ্যাদা সাৱধান” ৰ পৰা বলীউডত কেৰিয়াৰ আৰম্ভ কৰা জিতেন্দ্ৰই সুশান্তৰ মৃত্যুত দুখ আৰু শোক প্ৰকাশ কৰাৰ লগতে কয় যে, “সমস্যা সকলো ঠাইতে থাকে। কিন্তু এই ইণ্ডাষ্ট্ৰীটোৱে প্ৰত্যেকজন ব্যক্তিৰ ধ্যান ৰখাটো জৰুৰী আৰু বিপদৰ সময়ৰ আগবাঢ়ি অহাটো জৰুৰী।”


ইয়াৰ উপৰিও তেওঁ কয় যে, “সকলো ব্যক্তিয়ে স্বাস্থ্যৰ লগতে নিজৰ মানসিক অৱস্থাৰ ধ্যান ৰখাটো অত্যন্ত আৱশ্যক। যেতিয়াই কোনো এজন ব্যক্তি মানসিকভাৱে অশান্তি লাভ কৰে তেতিয়াই তেওঁ বন্ধু ও নিজ পৰিয়ালৰ সৈতে কথা-বতৰা আৰম্ভ কৰা উচিত। প্ৰত্যেকটো সময়ত কোনো এজন নিৰ্দ্দিষ্ট ব্যক্তি অথবা এই ক্ষেত্ৰখনক দোষী কৰাটো ভাল নহয়।”
Add comment