Rupaliparda.com
"অচ্চা সিলা দিয়া তুনে মেৰে প্যাৰ কা"- দিব্যা খোসলা কুমাৰ 1

“অচ্চা সিলা দিয়া তুনে মেৰে প্যাৰ কা”- দিব্যা খোসলা কুমাৰ

জনপ্ৰিয় “প্লে-বেক” চিংগাৰ চনু নিগমে নিজ এক ভিডিঅ’ ৰ দ্বাৰা টি-চিৰিজৰ তত্ত্বাৱধায়ক ভূষণ কুমাৰক মিউজিক ক্ষেত্ৰ খনত থকা মাফিয়া বুলি চিহ্নিত কৰিছিল; লগতে তেওঁৰ সৈতে প্ৰতিদ্বন্দিতা কৰা কথাও ব্যক্ত কৰি পেলাইছিল। এনে ক্ষেত্ৰতে এইবাৰ ভূষণ কুমাৰৰ পত্নী দিব্যা খোসলা কুমাৰৰ প্ৰতিক্ৰিয়া সমুখলৈ আহিছে। দিব্যাই নিজ ইনষ্টাগ্ৰাম ষ্টেটাচৰ দ্বাৰা চনু নিগমক উদ্দেশ্যি বিভিন্ন কথা লিখে আৰু তেওঁক “খাই পেট ফলা” ব্যক্তিৰ আখ্যা দিয়ে। ইয়াৰ উপৰিও ষ্টেটাছ যোগে তেওঁ কয় যে, “আজিৰ দিনত প্ৰত্যেকটো বস্তু নিৰ্ভৰ কৰে কোনে কেনেদৰে ভালকৈ ক’ব আৰু প্ৰতিনিধিত্ব কৰিব; মইও দেখিছো যে কেনেদৰে এজন ব্যক্তিয়ে প্ৰচাৰৰ দ্বাৰা গুৰুত্ব পাবলৈ ইচ্ছা কৰে।”

"অচ্চা সিলা দিয়া তুনে মেৰে প্যাৰ কা"- দিব্যা খোসলা কুমাৰ 2


ইয়াৰ উপৰিও তেওঁ কয় যে,”চনু নিগম, আপোনাক টি-চিৰিজে এই ক্ষেত্ৰখনত আনিছে… আগবঢ়াইও নিছে… কিন্তু আপোনাৰ যদি ইমানেই অসুবিধা আছিল ভূষণৰ সৈতে আপুনি আগতেই কিয় নক’লে? আজি ইমান পাব্লিচিটী কিহৰ?” এনেদৰে কোৱাৰ লগতে দিব্যা এটি গীতৰ শাৰীৰে ষ্টেটাচটো বাখ্যা কৰি পেলায়; তেওঁ কয় যে, “অচ্চা সিলা দিয়া তুনে মেৰে প্যাৰ কা”। উল্লেখ্য যে, কিছুদিন পূৰ্বে চনু নিগমে এটি পোষ্টৰ দ্বাৰা কৈছিল যে, “মাফিয়াই মাফিয়াৰ দৰেইটো কাম কৰিব। তেওঁৰটো অভ্যাস যে তেওঁ ৬ জন মহান ব্যক্তিক মোৰ বিৰুদ্ধে সাক্ষাৎকাৰ দিবলৈ কৈছিল। মই কাৰো নাম লোৱা নাই কিন্তু মোৰ নাম লোৱা হৈছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.