Rupaliparda.com
বাঘজানক উদ্দেশ্যি নিৰ্মাণ এটি হৃদয়স্পৰ্শী গীত "বাঘজান"- 1

বাঘজানক উদ্দেশ্যি নিৰ্মাণ এটি হৃদয়স্পৰ্শী গীত “বাঘজান”-

কেইবাদিনো ধৰি একেৰাহে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ থকা তিনিচুকীয়াৰ “বাঘজান” ৰ অৱস্থাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ল এটি হৃদয়স্পৰ্শী গীত। বৰ্তমান পৰিপ্ৰেক্ষিতত, ইটোৰ পিছত সিটোকৈ সুন্দৰ বিষয়বস্তুৰে নিৰ্মিত বস্তু সমূহত গুৰুত্ব প্ৰদান কৰিছে দৰ্শকে। বাঘজানৰ তৈলক্ষেত্ৰৰ পৰা গেছ নিৰ্গত হৈ অগ্নিকাণ্ড সংঘটিত হোৱাত ওচৰে-পাজৰে সকলো লোকৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ সমান্তৰালকৈ তাত থকা লোক সকলৰ অৱস্থা বোৰ দেখি আন আন জনসাধৰণৰো হৃদয় কঁপি উঠা দেখিবলৈ পোৱা গৈছিল। চচিয়েল মিডিয়াকে আৰম্ভ কৰি সংবাদ পত্ৰ পৰ্যন্ত এই ঘটনাটোক প্ৰাধান্য দিয়া হৈছিল আৰু বিভিন্ন জন গুণী-জ্ঞানী ব্যক্তিয়ে দৃষ্টিগোচৰ কৰিছিল এই বিষয়টোত। এই ঘটনাটোক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এটি গীত “বাঘজান”। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত আৰু ব্যৱস্থাপনা আছিল দীপাংক শইকীয়াৰ।


গীতটিত কথা প্ৰাঞ্জল কুমাৰ মহন্তৰ আৰু শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈ আৰু হীৰকজ্যোতি নাথে। গীতটিক বাণীবদ্ধ কৰা হৈছে Sangit Audio Lab ত বেদাবিশ শৰ্মাই। উল্লেখ্য যে, বাঘজান হোৱা অগ্নিকাণ্ডই বিগত কেইবাদিনো ধৰি ভয়াবহ ৰূপ লোৱাৰ লগতে ই শতাধিক ঘৰ, শ-শ জীৱ-জন্তৰ প্ৰাণ হৰি নিছিল। প্ৰাণৰ মমতাত ঘৰ এৰিছিল উক্ত ঠাই টুকুৰাত বসবাস কৰা একাংশ লোক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform