সুশান্ত সিং ৰাজপুতৰ অন্তৰংগ বন্ধু সন্দীপ সিঙে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে সুশান্তৰ বাবে তেওঁৰ পূৰ্ব প্ৰেয়সী অংকিতাই নিজৰ কেৰিয়াৰ প্ৰায় এৰি দিছিল। সন্দীপে কয় যে ৰিয়া চক্ৰৱৰ্তীৰ সৈতে সুশান্তৰ বিবাহৰ কথা তেওঁ নাজানিছিল আৰু তেওঁ অংকিতাৰ বাহিৰে অইনৰ সৈতে সুশান্তৰ কথা জানিবও নিবিচাৰে। হতাশগ্ৰস্ততাৰ বশৱৰ্তী হৈ অভিনেতা গৰাকীৰ আত্মহত্যা কৰা বুলি ইতিমধ্যে বিভিন্ন জনে মতামত ব্যক্ত কৰিছে। এনে ক্ষেত্ৰত সন্দীপে কয় যে, “মোৰ নালাগে যে কোনোবাই এনে কাম কৰাৰ আগত মনৰ কথা ব্যক্ত কৰিব। ইয়াৰ বাহিৰে সুশান্তৰ ঘৰত প্ৰায়ে বহু লোক থাকে।” অংকিতাৰ বিষয়ে সন্দীপে কয় যে,” অংকিতা কেৱল মাত্ৰ তেওঁৰ প্ৰেমিকা নাছিল; সুশান্তৰ জীৱনত অংকিতাই মাতৃৰ স্থান লৈছিল আৰু নিজৰ সন্তানৰ দৰেই সুশান্তক মৰম দিছিল। একমাত্ৰ তেওঁয়ে আছিল যিয়ে সুশান্তক বচাব পাৰিলেহেঁতেন; অংকিতা সদায় সুশান্তৰ পচন্দ অনুযায়ী কাম কৰিছিল।”


ইয়াৰ উপৰিও তেওঁ কয় যে, “সুশান্তৰ পচন্দ মতে অংকিতাই কাপোৰ পৰিধান কৰাৰ পৰা আৰম্ভ কৰি যেতিয়া তাই খাদ্যও বনাইছিল তেতিয়াও তাত পচন্দ আছিল সুশান্তৰ। সুশান্তৰ ঘৰটোও এনেকৈ তাই ৰাখিছিল য’ত তাৰ মন পচন্দৰ বস্তু সহজতে পায়; কিতাপ ৰাখিছিল সুশান্তে পঢ়িব পৰা বিধৰ। মই ব্যক্তিগতভাৱে অংকিতাই সুশান্তক বচাব পাৰিলেহেঁতেন বুলি ক’ম।”
Add comment