Rupaliparda.com
এইবাৰ নাই জুবিন গাৰ্গ; "আকাশী হেঁপাহ" ত দেখিবলৈ পোৱা যাব গৰিমা শইকীয়া গাৰ্গক- 1

এইবাৰ নাই জুবিন গাৰ্গ; “আকাশী হেঁপাহ” ত দেখিবলৈ পোৱা যাব গৰিমা শইকীয়া গাৰ্গক-

বিগত বহু দিনৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে উমৈহতীয়াকৈ জড়িত হৈ আছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। কিন্তু এইবাৰ উমৈহতীয়াকৈ নহয়; এটি গীতত পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব গৰিমাক। জুবিন গাৰ্গৰ সৈতে প্ৰায়ে ছাঁৰ দৰে থকা গৰিমা গাৰ্গৰ কথাৰে ৰচিত এটি গীতৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব তেওঁক। পোনপ্ৰথমবাৰৰ বাবে গৰিমা শইকীয়া গাৰ্গক এনেদৰে দেখিবলৈ পাব বুলি জানিয়ে এতিয়া উৎসাহিত হৈ পৰিছে সকলো দৰ্শক আৰু শ্ৰোতা। হাৰ্টথ্ৰৱ গৰাকীৰ অৰ্ধাংগিনী গৰিমাই শইকীয়া গাৰ্গে প্ৰতিটো সময়ত কন্ঠশিল্পী গৰাকীলৈ অহা প্ৰত্যাহ্বান অথবা ভাল-বেয়াৰ প্ৰতিটো পৃষ্ঠাত একযোঁট হৈ থাকিবলগীয়া হয়; ফলত জুবিন গাৰ্গৰ অনুৰাগী সকলৰ হাৰ্টথ্ৰৱ গৰাকীৰ প্ৰতি থকা সন্মান ও শ্ৰদ্ধাৰ সমান্তৰাল প্ৰভাৱ দেখিবলৈ পোৱা যায় গৰিমা গাৰ্গৰ প্ৰতিও।

চচিয়েল মিডিয়াত গৰিমাই নিজে লিখা কিছু কবিতা অথবা নিজে অংকন কৰা চিত্ৰ লগতে নিজে তোলা কিছুমান ফটো আপলোড কৰি নিজৰ সৃষ্টিশীল প্ৰতিভাৰ চিনাকী দি আহিছে; ইয়াৰ উপৰিও সমাজ কেন্দ্ৰিক বিভিন্ন বিষয়ত সক্ৰিয় হৈ থকা গৰিমাই নিজৰ মতামত পক্ষপাত হীন ৰূপে দিয়া দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে, এইবাৰ তেওঁৰ কলমৰ পিঁয়লাৰে নিগৰি অহা শব্দৰ মালা গাঁঠি ৰচিত গীতটিৰ সোঁৱাদ ল’বলৈ লগতে তেওঁৰ অভিনয় চাবলৈ উৎকন্ঠিত একাংশ।

https://www.instagram.com/p/CCDR8Fuh1C_/?utm_source=ig_web_copy_link


“আকাশী হেঁপাহ” শীৰ্ষক এই গীতটিত কন্ঠদান কৰিছে কুমাৰ ধীৰাজে। Mystic Production House ৰ নিবেদন এই গীতটিত সংগীত দিয়াৰ লগতে ইয়াৰ পৰিচালনা কৰিছে শেখৰ গোস্বামীয়ে। গীতটিৰ ভিডিঅ’টোৰ বিষয়বস্তু আৰু প্ৰডাকচনৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে পল্লৱ তালুকদাৰ; ভিডিঅ’ পৰিচালনা কৰিছে শৰৎ গগৈয়ে। জানিব পৰা মতে, উক্ত গীতটিৰ ভিডিঅ’ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ যুঁটিটোৰ আন্তৰিকতা ও মৰমৰ বান্ধোনটোক প্ৰতিফলিত কৰাৰ কথা ভবা হৈছিল। কিন্তু, কোনো কাৰণবশতঃ ভিডিঅ’টোত জুবিন গাৰ্গক দৰ্শকে দেখিবলৈ নাপাব যদিও গীতটিৰ মাজেৰেই এক সুক্ষ্ম অনুভূতিক প্ৰতিফলিত কৰা হ’ব জুবিন আৰু গৰিমাৰ মধুৰ সম্পৰ্কটোৰ।

এইবাৰ নাই জুবিন গাৰ্গ; "আকাশী হেঁপাহ" ত দেখিবলৈ পোৱা যাব গৰিমা শইকীয়া গাৰ্গক- 2


শেহতীয়াকৈ মুক্তি পোৱা গীতটিৰ প্ৰমো’য়ে আপ্লুত কৰিছে দৰ্শকক। গৰিমা শইকীয়া গাৰ্গেও চচিয়েল মিডিয়াৰ দ্বাৰা গীতটিক উদ্দেশ্যি বিভিন্ন খবৰ পোষ্ট কৰি আছে। পোন প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ প্ৰায়বোৰ গীতৰ আঁৰৰ ব্যক্তিগৰাকীক চাবলৈ ৰৈ আছে বহু দৰ্শক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.