Rupaliparda.com
গীতাশ্ৰী দেৱীৰ নতুন গীতক লৈ অপেক্ষাৰত অনুৰাগীঃ 1

গীতাশ্ৰী দেৱীৰ নতুন গীতক লৈ অপেক্ষাৰত অনুৰাগীঃ

অসমীয়া সংগীত জগতত নতুনৰ সংযোজনে উৎসাহিত কৰে জনসাধাৰণক। ইজনৰ পিছত সিজনকৈ হোৱা সংযোজনৰ ভিতৰত একোজনৰ প্ৰতিভাৰ নিদৰ্শন বহুল ৰূপত দেখিবলৈ পোৱা গৈছে। সৃষ্টিশীল কৰ্মৰ প্ৰতি আকৰ্ষিত এইসকল নৱপ্ৰজন্মৰ ইতিমধ্যে বহু উদাহৰণ আমি পাইছো; এনে সৃষ্টিশীলতাৰ বাবে তেওঁলোক প্ৰশংসিত হোৱাৰ উপৰিও মনোৰঞ্জন ক্ষেত্ৰ খনত অন্তৰ্ভূক্তি হ’বলৈ সুবিধা অৰ্জন কৰিছে। এনে এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী হৈছে গীতাশ্ৰী দেৱী। প্ৰায় গীত সমূহৰ কভাৰত কন্ঠদান কৰি দৰ্শক ও শ্ৰোতাক আপ্লুত কৰা গীতাশ্ৰী আকৌ এবাৰ অইন এটা গীতৰ সৈতে আহিবলৈ সাজু হৈছে; “Yaadein” এলবামটোত অন্তৰ্ভূক্ত একে নামৰ গীতটি মুকলি কৰা হ’ব আজি অৰ্থাৎ ৪ জুলাই তাৰিখে। Miracle Lights Studios ৰ নিবেদনত নিৰ্মিত এই গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা আৰু পৰিচালনা গীতাশ্ৰীৰ নিজৰেই।

গীতাশ্ৰী দেৱীৰ নতুন গীতক লৈ অপেক্ষাৰত অনুৰাগীঃ 2
গীতাশ্ৰী দেৱীৰ নতুন গীতক লৈ অপেক্ষাৰত অনুৰাগীঃ 3


জেকলিন বৰোৰ দ্বাৰা প্ৰযোজিত এই গীতটিত সংগীত দিছে জনপ্ৰিয় কন্ঠশিল্পী বাবন বৰ্ণিলে। গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে শংকৰ জে বৰুৱা আৰু ইয়াক বাণীবদ্ধ কৰিছে অনুৰাগ মেধিয়ে। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে হীৰু বৰগোঁহাই আৰু গীতটিৰ ভিডিঅ’ সম্পাদনা ৰূপম বুঢ়াগোঁহাইৰ। পোষ্টাৰ ডিজাইন পাৰ্থ পি বৰুৱা। গীতাশ্ৰী গীত উপভোগ কৰিবলৈ বৰ্তমান উৎসাহী তেওঁৰ অনুৰাগীও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform