Rupaliparda.com
"যদি মই নিজ মাতৃভাষা অথবা নিজৰ সংস্কৃতিটোক বিকৃত নকৰি মোৰ "ৰেপ" টোক আগবঢ়াই নিব পাৰো…"- কুলদীপ শইকীয়া 1

“যদি মই নিজ মাতৃভাষা অথবা নিজৰ সংস্কৃতিটোক বিকৃত নকৰি মোৰ “ৰেপ” টোক আগবঢ়াই নিব পাৰো…”- কুলদীপ শইকীয়া

অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত ন-ন বিষয়বস্তুয়ে বৰ্তমান আপ্লুত কৰিছে দৰ্শক অথবা শ্ৰোতাক। থলুৱা গীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্য গীতৰো প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ইয়াত; শেহতীয়াকৈ হোৱা “ৰেপ” ৰ সংযোজনে আকৌ এবাৰ আকৰ্ষণ কৰিছে জনসাধাৰণক। চচিয়েল মিডিয়াত সম্প্ৰতি চৰ্চা চলিছে এটা নাম; কুলদীপ শইকীয়াৰ। তেওঁৰ সৃষ্টিয়ে ইজনে সিজনকৈ এতিয়া চৰ্চিত হৈছে সৰ্বত্ৰে। সদ্যমুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ গীত “অ’ জীৱন” ত অন্তৰ্ভূক্ত কৰা হৈছিল কুলদীপ শইকীয়াৰ এটি অসমীয়া “ৰেপ” ক। কেৰিয়াৰৰ আৰম্ভণিতে জুবিন গাৰ্গৰ গীতত নৱপ্ৰজন্মই লাভ কৰা এনে সুবিধাই উৎসাহিত নকৰাকৈ থকা নাই কুলদীপকো। বৰ্তমান উদীয়মান নৱপ্ৰজন্মৰ নিত্য নতুন সৃষ্টিয়ে প্ৰমাণ কৰিছে যে আগন্তুক সময়ত সঁচাকৈয়ে অসমীয়া সংস্কৃতিৰ ৰাজহাঁড় ডাল থিয় হৈ থাকিব। ৰূপালীপৰ্দাৰ ফালৰ পৰা ৰীমা দত্তৰ সৈতে হোৱা কথা বতৰা যোগে কুলদীপক প্ৰশ্ন কৰা হৈছিল যে, “কেৰিয়াৰৰ আৰম্ভণিতে একেটা গীতত জুবিন গাৰ্গৰ সৈতে লাভ কৰা সুবিধা; এয়াই তোমাৰ কাৰণে সফলতা নে সফলতাৰ জখলা ডালৰ প্ৰথমটো চিৰি?? “

"যদি মই নিজ মাতৃভাষা অথবা নিজৰ সংস্কৃতিটোক বিকৃত নকৰি মোৰ "ৰেপ" টোক আগবঢ়াই নিব পাৰো…"- কুলদীপ শইকীয়া 2


উক্ত প্ৰশ্নৰ উত্তৰত কুলদীপে কৈছিল যে, “বস্তুবোৰ আচলতে মই ধেমালি ধেমালিকৈয়ে আৰম্ভ কৰিছিলো। নিজৰ বৃত্তি অথবা নিজ কেৰিয়াৰটো “ৰেপ” ৰ সৈতে আৰম্ভ কৰিম বুলি মই কেতিয়াও ভবাই নাছিলো। যেতিয়া ধেমালিকৈ আৰম্ভ কৰা বস্তু এটাত জনসাধাৰণৰ ইমান সঁহাৰি লাভ কৰা যায় লগতে আৰম্ভণিতেই এজন এনে ব্যক্তিৰ লগত সুবিধা পোৱা যায় যাৰ কেৱল ইয়াতেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো অনুৰাগী আছে; এয়া মোৰ বাবে কোনো ক্ষেত্ৰতেই সৰু কথা নহয়। মোৰ সপোনৰো অগোচৰ এটা ঘটনা তৎক্ষণাত ঘটি গৈছিল মোৰ লগত; সঁচাকৈ ভাল লাগিছিল। অইন দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এই সুবিধাটোৱে মোক উৎসাহ দিলে, আকৌ দুখোজ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত উদ্গনি জগালে। মোক সফল কৰাৰ বাবে মই জনসাধাৰণৰ ওচৰতো কৃতজ্ঞ। তেওঁলোকৰ সঁহাৰিয়ে মোক নতুন সৃষ্টি কৰাত সহায় কৰিছে। মই “ৰেপ” টোক বৃত্তি হিচাপে ল’ম বুলি ভবা নাছিলো যদিও জুবিন গাৰ্গৰ সৈতে পোৱা সুবিধাটোৱে এতিয়া মোক নতুনকৈ নতুন চিন্তা কৰিবলৈ বাধ্য কৰোৱাইছে।”


“ৰেপ” ক কেনেদৰে আগন্তুক সময়ত আগবঢ়াই লৈ যোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “অসমীয়া “ৰেপ” টো আগবঢ়াই নিয়া ক্ষেত্ৰত মই ব্যক্তিগত ভাৱে ভাবো যে আমাৰ সংস্কৃতিৰ যিখিনি থলুৱা গীত অথবা সংস্কৃতি আছে সেইখিনি পাহৰি যাতে জনসাধাৰণে “ৰেপ” নুশুনে। নিজৰ সংস্কৃতিটোক পাহৰিলে নহ’ব নহয়; কিন্তু ইয়াৰ মাজতে যদি আমি “ৰেপ” ৰ ভাল দিশটো আকোঁৱালি ল’ব পাৰো তেতিয়াহ’লে ইয়াত কোনো বেয়া নাই। যেনে ধৰক,এটা সাধাৰণ গীতত কিছুমান কথাক অন্তৰ্ভূক্ত কৰিব পৰা নাযায়; কিন্তু এটা “ৰেপ” এটা প্ৰতিবাদী অথবা সমাজ সংস্কাৰৰ ভিত্তিতো ৰচনা কৰিব পৰা যায়। এনেধৰণে যদি মই নিজ মাতৃভাষা অথবা নিজৰ সংস্কৃতিটোক বিকৃত নকৰি মোৰ “ৰেপ” টোক আগবঢ়াই নিব পাৰো তেতিয়াহ’লে মই সুখী হ’ম।” ইয়াৰ উপৰিও তেওঁ কয় যে, “মই কিছুমান থলুৱা বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰি “ৰেপ” ক আগবঢ়াই নিয়াৰ ইচ্ছা আছে। যদিহে পাৰো দেই; যিটো “ৰেপ” শুনাৰ পিছত বাহিৰৰ লোকেও ক’ব যে অ… এয়া অসমৰেই সৃষ্টি।”

"যদি মই নিজ মাতৃভাষা অথবা নিজৰ সংস্কৃতিটোক বিকৃত নকৰি মোৰ "ৰেপ" টোক আগবঢ়াই নিব পাৰো…"- কুলদীপ শইকীয়া 3


ইয়াৰ উপৰিও কুলদীপ শইকীয়াই কয় যে, “আমাৰ পূৰণা ককা-আইতা অথবা বৃদ্ধ চামৰ একাংশ ব্যক্তিবিশেষে এতিয়াও “ৰেপ” ৰ নাম শুনিলে নাক কোঁচায়। কয় যে, “এইবোৰনো কি বস্তু”। আচলতে, “ৰেপ” ক লৈ যে এনেদৰে ভাবে তেওঁলোকে; ইয়াত কোনোধৰণৰ ভুলো নাই কাৰণ তেওঁলোকে “ৰেপ” বোৰ তেনেকৈয়ে দেখিছে। গতিকে, এই মানুহবোৰৰ মনৰ পৰা “ৰেপ” ক লৈ থকা ঋণাত্মক মানসিকতাটো মোৰ সলনি কৰা মন আছে।”

3 comments

Leave a Reply

  • ভাল লাগিলে Article tu, কুলদ্বীপক বহুত ভাল পাওঁ । কিন্তু ৰেপ শব্দটো দুটা উৰ্দ্ধকমাৰ মাজত লিখাটোহে কিবা ভাল নালাগিল।

    Contstructive critisism কৰিছোঁ ভালদৰে ললে ভাল লাগিব ।

  • Big Fan from starting Broh, I know U’ll touch the sky one day , My wishes are always with You. Prosno hoi Khin min manuh ru Xoru manuh kun

The Ultimate Managed Hosting Platform