Rupaliparda.com
"ডিজিটেল ইণ্ডিয়া" সফল অথবা অসফল??: "জাননী" য়ে দিছে ইয়াৰ জাননী- 1

“ডিজিটেল ইণ্ডিয়া” সফল অথবা অসফল??: “জাননী” য়ে দিছে ইয়াৰ জাননী-

সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ আগ্ৰাসনত পৰিছে সমগ্ৰ জনসাধাৰণ। ইয়াত অন্তৰ্ভূক্ত হৈ আছে আচলতে শিশুবোৰো, বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয় সমূহৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত একপ্ৰকাৰ ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। নতুন বিজ্ঞানভিত্তিক শিক্ষা অৰ্থাৎ “অনলাইন শিক্ষা” ৰ মাধ্যমেৰে দিয়া শিক্ষাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে একাংশ; ফলত দেশত ঘটা কিছু অঘটনৰ বাতৰিও নুই কৰিব পৰা নাযায়। ইয়াৰ মাজতো এনে একাংশ শিশু আছে যাৰ মনৰ ভিতৰৰ কোনো অংশতেই হতাশা, বিষাদৰ অৱস্থিতি নাই; তেওঁলোকে কেৱল খেলিছে আৰু নিজৰ শৈশৱৰ সৰু সৰু ধেমালীৰে উদযাপন কৰিছে নিজ জীৱন। এনে কিছু সৰু সৰু ঘটনা-পৰিঘটনাৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছে আন এখন চুটি ছবি “জাননী”। তিনিটা নিষ্পাপ শিশুয়ে ৰাতিপুৱা স্কুলত দেখিবলৈ পোৱা বন্ধৰ “জাননী” খনে তেওঁলোকক খেল-ধেমালি কৰিবলৈ এটা নতুন দিন দি দিয়া দৰেই অনুভৱ কৰি তেওঁলোকে প্ৰকৃতিৰ কোলাত খেলি- ফুৰি সময় কটাইছে। তেওঁলোকৰ বোধগম্যতাৰ বাহিৰত থকা দেশৰ এনে পৰিস্থিতিয়ে তেওঁলোকলৈ কঢ়িয়াই অনা নাই কোনো চিন্তা।

"ডিজিটেল ইণ্ডিয়া" সফল অথবা অসফল??: "জাননী" য়ে দিছে ইয়াৰ জাননী- 2


“ডিজিটেল ইণ্ডিয়া” অথবা “ৱাটচআপ”, “ফেচবুক” ৰ পৰা বহু আঁতৰত ৰাখি নিৰ্মিত এই চুটি ছবিখন TAS Production ৰ বেনাৰত প্ৰযোজনা হিমাংশু কলিতাৰ আৰু ছবিখনৰ পৰিচালনা কৰিছে অশোক বৰাই । এখন গাঁৱৰ মনোমোহা দৃশ্যাংশ আৰু তিনি শিশুৰ অভিনয়ে উক্ত চুটি ছবিখন আৰু অধিক উপভোগ্য কৰি তুলিছে। সংলাপৰ বহুল প্ৰয়োগ নকৰিলেও চুটি ছবিখনত থকা তিনি শিশুৰ ভংগিমাই দৰ্শকক বুজাই দিছে ইয়াৰ কাহিনীভাগৰ সাৰমৰ্ম। চুটি ছবিখনৰ জৰিয়তে এক প্ৰশ্নৰ উত্থাপন হৈছে; কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে “ডিজিটেল ইণ্ডিয়া” ৰ দিয়া দীঘলীয়া ভাষণে সঁচাকৈ উপকৃত কৰিছেনে একাংশ পিছপৰি ৰোৱা জনসাধাৰণক? “অনলাইন শিক্ষা” ই সঁচাকৈ সহায় কৰিছেনে সকলোকে? নে ই একাংশৰ বাবে কঢ়িয়াইছে হতাশা? এনেবোৰ বিষয়ত আকৌ এবাৰ আমাৰ চৰকাৰে বিচাৰ কৰাৰ প্ৰয়োজন নহ’লে হয়টো এটা সময়ত ধনী বোৰ অধিক ধনী আৰু অৰ্থনৈতিক দিশৰ পৰা পিছ পৰি ৰোৱা সকল আৰু অধিক পিছপৰি ৰ’ব। অৰ্থনৈতিক দিশত পিছপৰি ৰ’লেও কিন্তু এচামৰ মহানুভৱতাৰ সুক্ষ্ম নিদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰা হৈছে “জাননী” ত।


“জাননী” ত অভিনয় কৰিছে মৃন্ময় দাস, ডিউকজিৎ কাশ্যপ, বিহান বৰা, প্ৰাণজিৎ কাশ্যপ, নৱ ডেকা আৰু মোগেমাই বৰদলৈয়ে। ছবিখনৰ বিষয়বস্তু, চিত্ৰনাট্য আৰু দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ত্ৰিদীপ কলিতা। ছবিখনৰ সম্পাদনা কৰিছে পৰিচালক অশোক বৰাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform