Rupaliparda.com
"পৰীক্ষা-দ্যা ফাইনেল টেষ্ট" ত আন এগৰাকী সুযোগ্য অসম পুত্ৰ আদিল হুচেইনঃ 1

“পৰীক্ষা-দ্যা ফাইনেল টেষ্ট” ত আন এগৰাকী সুযোগ্য অসম পুত্ৰ আদিল হুচেইনঃ

“জী ৫” ত মুক্তিপাবলগীয়া আন এখন ছবিত অভিনয় কৰিছে এগৰাকী সুদক্ষ ও জনপ্ৰিয় অসম সন্তান অভিনেতা আদিল হুচেইন। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। চলিত বৰ্ষৰ ৬ আগষ্ট তাৰিখে “জী ৫” ত সম্প্ৰচাৰ কৰা হ’ব এই ছবিখন। প্ৰকাশ ঝাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনৰ নাম হৈছে “পৰীক্ষা-দ্যা ফাইনেল টেষ্ট”; ইয়াত এগৰাকী পিতৃৰ সংগ্ৰামী জীৱন আৰু সন্তানৰ প্ৰতি থকা দায়বদ্ধতাৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে। এক কথাত ক’বলৈ গ’লে এজন ৰিক্সাৱালাৰ জীৱন কাহিনীক “পৰীক্ষা-দ্যা ফাইনেল টেষ্ট” শীৰ্ষক ছবিখনত উপস্থাপনৰ চেষ্টা কৰা হৈছে। জলীউড, বলীউড তথা হলীউড এই তিনিওটা ক্ষেত্ৰতেই সমানেই চৰ্চিত এগৰাকী অসম সন্তান হৈছে আদিল হুচেইন; অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছ।

"পৰীক্ষা-দ্যা ফাইনেল টেষ্ট" ত আন এগৰাকী সুযোগ্য অসম পুত্ৰ আদিল হুচেইনঃ 2


শিক্ষা জীৱনত আদিল হুচেইনে কেইবাখনো নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱী লগতে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতেও অসম সন্তান ও অভিনেতা আদিল হুচেইনে অভিনয় কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও, ইটালীৰ পৰিচালক Italo Spinelli ৰ দ্বাৰা পৰিচালিত ‘Gangor’, আৰু মীৰা নায়াৰৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ লগতে এং লীৰ ‘লাইফ অৱ পাই’ ইত্যাদি হলীউডৰ জনপ্ৰিয় ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform