Rupaliparda.com
বিকি কলিতাৰ "নহ'বা উদাস"- নৱপ্ৰজন্মৰ ন-সৃষ্টিত উৎসাহিত দৰ্শক ও শ্ৰোতাঃ 1

বিকি কলিতাৰ “নহ’বা উদাস”- নৱপ্ৰজন্মৰ ন-সৃষ্টিত উৎসাহিত দৰ্শক ও শ্ৰোতাঃ

“জোন জোনালী”, “নিয়ঁৰৰ টোপালে” আদি গীত সমূহৰ জনপ্ৰিয়তাৰ পিছত আকৌ এবাৰ বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিছে আন এটি গীত “নহ’বা উদাস”। যদিও বৰ্তমান সময়ত বহু নতুন প্ৰজন্মৰ গীতৰ মুক্তি হোৱা দেখিবলৈ পোৱা গৈছে; ইয়াৰ মাজতো এনে একাংশ কন্ঠশিল্পীৰ বিষয়বস্তু অথবা গীতৰ কথাই আকৰ্ষণ কৰিছে শ্ৰোতাক। ১৯৯৯ চনত পাঠশালাত জন্মগ্ৰহণ কৰা বিকি কলিতাই ২০১৭ চনৰ পৰা সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হয়; যদিও কেইবাটাও সংগীতেৰে তেওঁৰ গীতৰ ভঁৰাল জিলিকা নাই তৎস্বত্বেও তেওঁৰ গীতৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। শেহতীয়াকৈ মুক্তি লাভ কৰা “নহ’বা উদাস” শীৰ্ষক গীতটিয়ে ইতিমধ্যে প্ৰায়সমূহ শ্ৰোতাক আকৃষ্ট কৰিছে আৰু চচিয়েল মিডিয়াত ইজনৰ পিছত সিজনে শ্বেয়াৰ কৰিছে গীতটি। প্ৰায় এমাহ পূৰ্বে গীতটিৰ লিৰিকেল ভিডিঅ’য়ো লাভ কৰিছিল মুক্তি।

বিকি কলিতাৰ "নহ'বা উদাস"- নৱপ্ৰজন্মৰ ন-সৃষ্টিত উৎসাহিত দৰ্শক ও শ্ৰোতাঃ 2


ইজনৰ পিছত সিজনকৈ অহা নতুন কন্ঠশিল্পীৰ আগমনে উৎসাহিত কৰিছে ৰাইজকো। বিজ্ঞানভিত্তিক কৃত্ৰিমতা এৰি কিছু সময়ৰ জিৰণিৰ বাবে মনোৰঞ্জনৰ প্ৰয়োজন হয়। এনেক্ষেত্ৰত, সংস্কৃতিৰ প্ৰতি বাঢ়ি অহা নৱপ্ৰজন্মৰ আকৰ্ষণত বৰ্তমান সকলোৰে উৎকন্ঠা। উক্ত “নহ’বা উদাস” শীৰ্ষক গীতটিৰ কথা ডানিশৰ আৰু ইয়াত কন্ঠদান কৰাৰ লগতে পৰিচালনা কৰিছে বিকি কলিতাই। FireSense ৰ অন্যতম নিবেদন এই গীতটিত শব্দ মিশ্ৰণৰ দায়িত্বত আছিল ক্ৰমে ৰিকু পাঠক আৰু RedAv Studio ৰ পিংকু দাস। গীতটিৰ ভিডিঅ’টোত অভিনয় কৰিছে বিকি কলিতা ও মিতুশ্ৰীয়ে। ভিডিঅ’ পৰিচালনা কৰিছে শিৱম ৰয়।

বিকি কলিতাৰ "নহ'বা উদাস"- নৱপ্ৰজন্মৰ ন-সৃষ্টিত উৎসাহিত দৰ্শক ও শ্ৰোতাঃ 3


নৱপ্ৰজন্মৰ সমাৱেশেৰে নিৰ্মিত গীতটিত বৰ্তমান ইউটিউবতো ভিউৱাৰচৰ সংখ্যা উল্লেখনীয়। আচলতে, একোটা সুন্দৰ গীতে প্ৰশংসা লাভ কৰাটো সঁচাকৈ প্ৰয়োজনীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.