Rupaliparda.com
অৰুণ নাথ ও কমল লোচনৰ যুঁটিঃ "Silence in the Wind" ৰ জনপ্ৰিয়তা- 1

অৰুণ নাথ ও কমল লোচনৰ যুঁটিঃ “Silence in the Wind” ৰ জনপ্ৰিয়তা-

ৰাজ্যৰ প্ৰতিটো দিশৰ বস্তু অথবা প্ৰতিজন ভিন্ন ধৰ্মীয় লগতে ভিন্ন মানসিকতাৰ ব্যক্তিৰ এক নিজস্ব ঠাই আছে। ইয়াৰ মাজতো একাংশ আছে ব্যতিক্ৰম; যি সুলভ নহ’লেও সুন্দৰ। ব্যক্তিবিশেষ প্ৰত্যেকটো সময়ত ইজন-আনজনৰ সৈতে একে হ’ব নোৱাৰে; কাৰোবাৰ যদি মানসিকতা ভিন্ন হয় আনহাতে আকৌ একাংশৰ আকৰ্ষণৰ ভাগ হোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান আমাৰ সমাজ ব্যৱস্থাই ধীৰ গতিত হ’লেও “সমকামীতা” ক উপলদ্ধি কৰিছে। একাংশ তথাকথিত সচেতন নাগৰিকে টুলুঙা মন্তব্য প্ৰদানৰ পৰা পিছ নুহুঁহুকিলেও কিন্তু কিছুয়ে নিজ বোধগম্যতা অনুসৰি গ্ৰহণ কৰিছে এনে সম্পৰ্কক। সকলোৰে নিজস্ব অধিকাৰ অনুযায়ী সমাজত সকলোৰে সমস্থান থকাৰ পিছতো আমি এনে বহু লোকৰ সন্মুখীন হওঁ যিয়ে কাষেৰে পাৰ হোৱাৰ সময়ত কৰি যায় উপলুঙা। সম্প্ৰতি সমাজ ব্যৱস্থাৰ বিষয়বস্তুৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি; “Silence in the Wind”। চুটি ছবিখন যুঁটীয়াভাৱে পৰিচালনা ও দৃশ্যগ্ৰহণ কৰিছে ক্ৰমে নৱপ্ৰজন্মৰ দুগৰাকী উদীয়মান পৰিচালক গৌৰৱ বৰুৱা আৰু প্ৰজ্ঞান বল্লভ গোস্বামীয়ে। সমাজৰ কিছু ধাৰাক প্ৰতিফলিত কৰা নৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলীয়ে পালন কৰা দায়বদ্ধতাক আমি নুই কৰিব নোৱাৰো। প্ৰতিটো সময়ত তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাৰ নিদৰ্শন পাবলৈ সক্ষম হৈছে জনসাধাৰণ।

অৰুণ নাথ ও কমল লোচনৰ যুঁটিঃ "Silence in the Wind" ৰ জনপ্ৰিয়তা- 2
https://www.instagram.com/p/CCc4DDQJBMv/?utm_source=ig_web_copy_link


কিছু কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মিত উক্ত ১৩ মিনিট ১৮ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনৰ প্ৰযোজনা কৰিছে ৰেড কাৰ্পেট মোভিং পিস্কাৰচে (মুম্বাই)। বিংশতম নিউৱৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত স্ক্ৰীণিঙৰ মনোনয়ন লাভ কৰা এই চুটি ছবিখনত অভিনয় কৰিছে সুদক্ষ ও অসমীয়া অভিনয় ক্ষেত্ৰৰ জ্যেষ্ঠ অভিনেতা অৰুণ নাথে আৰু তেওঁৰ লগতে অভিনয় কৰিছে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ ছিৰিত খোজ দিবলৈ আৰম্ভ কৰা নৱপ্ৰজন্মৰ অভিনেতা কমল লোচনে। ইতিমধ্যে ট্ৰেইলাৰ মুক্তি পোৱা চুটি ছবিখনত উক্ত দুয়োগৰাকী অভিনেতাৰ যুঁটি দেখিবলৈ পাই উৎসাহী হৈ পৰিছে দৰ্শক। “Silence in the Wind” ৰ কাহিনী লিখিছে গৌৰৱ বৰুৱা আৰু প্ৰাণদীপ দাষ্টিদাৰে। ইয়াত সংগীত তৰালী শৰ্মাৰ আৰু ছবিখনৰ সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ; লগতে ইয়াত শব্দ ব্যৱস্থাপনা দেৱজিৎ গায়নৰ। বিগত ১০ টা বছৰৰ অন্তত এখন অসমীয়া চুটি ছবিয়ে উক্ত ছবি সমাৰোহখনত মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়।

অৰুণ নাথ ও কমল লোচনৰ যুঁটিঃ "Silence in the Wind" ৰ জনপ্ৰিয়তা- 3
অৰুণ নাথ ও কমল লোচনৰ যুঁটিঃ "Silence in the Wind" ৰ জনপ্ৰিয়তা- 4


উল্লেখ্য যে, এই চুটি ছবিখনক লৈ অভিনেতা আদিল হুচেইনেও শ্বেয়াৰ কৰে এটি পোষ্ট। আচলতে, এনেবোৰ কিছু কথাৰ পৰাই উপলদ্ধি কৰিব পাৰি যে আগন্তুক সময়ত অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ ভৱিষ্যৎ কেনে! অসমীয়াক ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনাত সঁচাকৈ নৱপ্ৰজন্মৰ অৰিহণা যথেষ্ট।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform