ইটোৰ পিছত সিটোকৈ ভাল ও গ্ৰহণযোগ্য বিষয়বস্তুক উপস্থাপনৰ চেষ্টা চলাইছে বৰ্তমান নৱপ্ৰজন্মৰ একাংশ শিল্পীয়ে। তেওঁলোকৰ প্ৰতিভাৰে বৰ্তমান ভৰি পৰিছে অসমীয়া সাংস্কৃতিক জগতখন; ক’ৰোণা” ৰ ত্ৰাস আৰু “লক-ডাউন” ৰ স্তব্ধতাৰ মাজতো কেইবাটাও নতুন আৰু ব্যতিক্ৰমী বস্তুক উপভোগ কৰিবলৈ সক্ষম হৈছে দৰ্শক সকলে। সেয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিয়েই হওঁক অথবা চুটি ছবিয়ে হওঁক নাইবা কোনো কন্ঠশিল্পীৰ মনপৰশা গীতেই হওঁক; এই আটাইবোৰ সৃষ্টিৰ পুংখানুপুংখ বিশ্লেষণ দাঙি ধৰা দেখিবলৈ পোৱা যায় এওঁলোকক। ব্যতিক্ৰমী একাংশ বিষয়বস্তুৰ প্ৰতি আমি আকৰ্ষিত হৈ থাকো; নহয়নে? প্ৰায়ে এটা ছবিৰ কাহিনীটো কোনো এজনে কৈ থকা সময়তে আমি ছবিখন উপভোগ কৰিবলৈ প্ৰস্তুত হৈ পৰো। তেনে এক হৃদয়স্পৰ্শী কাহিনীক লৈয়ে নিৰ্মাণ কৰা হৈছে এখন ছবি “চিজৌ”। ছবিখনৰ ইতিমধ্যে পোষ্ট প্ৰডাকচনৰ কাম চলি থকা হৈছে যদিও ছবিখনৰ বিষয়বস্তুয়ে বৰ্তমান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চলচিত্ৰ প্ৰেমী ৰাইজক। দেশ স্বাধীন হোৱাৰ পিছতো এনে বহু জনসাধাৰণ আছিল যাৰ জীয়াই থকা সমলৰ পৰা আৰম্ভ কৰি কাঢ়ি লোৱা হৈছিল তেওঁলোকৰ বাক-স্বাধীনতা পৰ্যন্ত। দেশত বিপ্লৱৰ সূচনা হৈছিল যদিও একাংশই দাসত্ব জীৱন ল’বলৈ বাধ্য হৈছিল।


উক্ত “চিজৌ” ছবিখন এনে এক কাহিনীৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছে। ১৯৫৮ চনৰ আগলৈ ভাৰত আৰু ভূটান সীমান্তৰ সমীপৰ্ৱতী ঠাইত বসবাস কৰা একাংশ লোকে থকা ঠাইখিনিৰ বাবদ ভৰিবলগীয়া হৈছিল টেক্স অথবা কৰ। যদিহে তেওঁলোকে এই কৰ দিয়াত অপৰাগ হৈছিল তেতিয়া তেওঁলোকে ভূটানৰ লোক সমূহৰ দাস হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। “চিজৌ” ছবিখনো এনে এক কাহিনীৰ ভিত্তিতেই নিৰ্মাণ কৰিছে নৱপ্ৰজন্মৰ পৰিচালক বিশাল প্ৰীতম চলিহাই। আনহাতে, ছবিখনৰ যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে প্ৰিয়ম খেৰকাটাৰী আৰু ঔঁমপ্ৰকাশ খেৰকাটাৰীয়ে। বড়ো ভাষাত নিৰ্মাণ কৰা হৈছে যদিও ছবিখনক লৈ উৎসাহী আন ভিন্ন জনজাতীয় লোকসমূহো। দৰ্শকক মনোৰঞ্জনৰ লগতে ব্যতিক্ৰমী সোঁৱাদ দিবলৈ সক্ষম হ’ব বুলি একপ্ৰকাৰ কথা দিছে ছবিখনৰ পৰিচালক বিশালে। বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা এই ছবিখনত অভিনয় কৰিছে জয়ন্ত নাৰ্জাৰী, পেঞ্চি ব্ৰাহ্মা আৰু বিজিত বসুমতাৰীয়ে। ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত থকা আশুতোষ কাশ্যপে কয় যে লৈ যেতিয়াই পৰিচালক গৰাকীয়ে তেওঁক বাখ্যা কৰিছিল তেতিয়াই তেওঁ ছবিখনৰ বাবে মান্তি হৈছিল। ১৬-১৭ দশকৰ পৰিস্থিতিক উপস্থাপন কৰোতে কিছু কষ্ট ও সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তেওঁ নিশ্চিত কৰে যে ছবিখনৰ দৃশ্যগ্ৰহণত কোনো ক্ৰুটি নৰখাকৈ দৰ্শকক ই দিব পাৰে সেই সময়ৰ এক জীঁয়া প্ৰতিচ্ছবি।

“চিজৌ” ৰ সংগীত পৰিচালনা কৰিছে ধ্ৰুৱজ্যোতি পাটগিৰীয়ে; আনহাতে ইয়াৰ শব্দ সংমিশ্ৰণ কৰে দেৱজিৎ চাংমাইয়ে। ছবিখন বৰ্তমান ছবি সমাৰোহ সমূহলৈ পঠিওৱাৰ চেষ্টা কৰি থকা হৈছে আৰু অহা বৰ্ষলৈ অৰ্থাৎ ২০২১ চনত এই ছবিখনে মুক্তি লাভ কৰিব ঘৰুৱা দৰ্শকৰ সমুখত।
Add comment