Rupaliparda.com
"প্ৰিয়াৰ প্ৰিয়" ৰ নেদেখা ফটো আপলোড কৰিলে শশাংক সমীৰেঃ 1

“প্ৰিয়াৰ প্ৰিয়” ৰ নেদেখা ফটো আপলোড কৰিলে শশাংক সমীৰেঃ

ক’ৰোণা মহামাৰীয়ে ৰাজ্যত লৈছে ভয়ংকৰ ৰূপ। হাজাৰ হাজাৰ লোকক এতিয়া নিজ আগ্ৰাসনত লৈছে এই মহামাৰীয়ে। ভিন্ন জনৰ কামৰ লগতে একেবাৰতে বৰ্তমান স্তব্ধ হৈ পৰিছে সকলো শিল্পীৰে শ্বুটিং। প্ৰতিজন শিল্পীয়ে এতিয়া একোটা পোষ্টৰ জৰিয়তে নিজ কৰ্মব্যস্ততাক মনত পেলাইছে।শ্বুটিং সময়ছোৱাৰ একোখন ফটো আপলোড কৰি এতিয়া একোজন অভিনেতা-অভিনেত্ৰীয়ে ৰোমন্থন কৰিছে পূৰ্বৰ সময়ছোৱাক। একাধাৰে অভিনেতা, চিত্ৰকাৰ, লিখক, গীতিকাৰ শশাংক সমীৰে মুনিন বৰুৱাৰ দ্বাৰা নিৰ্মিত শেষৰখন ছবি “প্ৰিয়াৰ প্ৰিয়” ৰ শ্বুটিং সময়ৰ কিছু পূৰ্বে নেদেখা ফটো আপলোড কৰে নিজ চচিয়েল মিডিয়াত। ২০১৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল ৰোমান্টিক কমেডী ধৰ্মী ছবি; য’ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল জুবিন গাৰ্গে। শশাংক সমীৰে নিজ পোষ্টটোৰ কেপছনত লিখে যে, “শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱৰ অন্তিমখন চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা হৈ ৰ’ব মোৰ আজীৱন সুকীয়া মাদকতাৰে ভৰা।”


শশাংক সমীৰৰ লিখনিৰ লগতে তেওঁৰ চিত্ৰ অথবা অভিনয়ো লেখত ল’বলগীয়া। জুবিন গাৰ্গৰ প্ৰায় গীতসমূহৰ আঁৰৰ ব্যক্তি গৰাকীয়ে হৈছে শশাংক সমীৰ। ৰেডিঅ’ জকী ৰূপে কাম কৰি অহা এই গৰাকী শিল্পীক ধাৰাবাহিক সমূহতো দেখিবলৈ পোৱা যায়। তেওঁৰ প্ৰতিটো মনপৰশা সৃষ্টিক লৈ আপ্লুত হৈ থাকে আচলতে জনসাধাৰণ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.