Rupaliparda.com
ঘৰতে বহি সুন্দৰ হোৱাৰ কৌশল জনাইছে সুনীতা কৌশিকেঃ 1

ঘৰতে বহি সুন্দৰ হোৱাৰ কৌশল জনাইছে সুনীতা কৌশিকেঃ

বৰ্তমান সময়ত প্ৰত্যেক গৰাকী অভিনেতা-অভিনেত্ৰীয়ে কিছু নতুন নতুন উপায়েৰে ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। বিগত বহু কেইমাহ মানৰ পৰাই জনসাধাৰণ ঘৰতেই আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে; এনে সময়ত বহু দিনৰ পৰা নিজক লৈ সময় নোপোৱা একাংশই ব্যক্তিগত সময় নিজক দিয়াৰ উপৰিও নিজক ভিন্ন ধৰণে শুশ্ৰুষা কৰিছে। কোনোৱে যদি নতুন ৰেচিপি বনাইছে আনহাতে কোনোৱে নিজক কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰে তাৰ উপায় সমূহ জনসাধাৰণক দিছে।

https://www.instagram.com/tv/CC3vpf2l_zy/?utm_source=ig_web_copy_link

আমাৰ সাধাৰণ ৰাইজৰ মনত সদায় এটা প্ৰশ্ন থাকে যে এগৰাকী অভিনেত্ৰীয়ে নিজক ফিট কৰি ৰখাৰ বাবে কি খায় অথবা নিজক সুন্দৰ কৰি ৰাখিবলৈনো কি ঘঁহে! এখন ফটোত নিজক সুন্দৰ কৰি তুলিবলৈ বিভিন্ন এপৰ সৃষ্টি হৈছে কিন্তু এইখিনি সময়ত নিজেই নিজক প্ৰকৃততে সুন্দৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। শেহতীয়াকৈ এনেদৰে কিছুমান অৰ্গেনিক বস্তুৰ সৈতে নিজক সুন্দৰ কৰি ৰখা প্ৰক্ৰিয়াৰ সৈতে অনুৰাগীক অৱগত কৰোৱাইছে অভিনেত্ৰী সুনীতা কৌশিকে। অভিনয়ৰ সৈতে কথক নৃত্যৰ ক্ষেত্ৰতো দখল থকা এই গৰাকী অভিনেত্ৰী প্ৰায়ে চচিয়েল মিডিয়াত এনে প্ৰক্ৰিয়াবোৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰে।

https://www.instagram.com/tv/CCa9FOSlAyU/?utm_source=ig_web_copy_link


সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform