Rupaliparda.com
জানেনে? ৩০ হাজাৰ টকাত ঋষি কাপুৰেও কিনিছিল এৱাৰ্ডঃ 1

জানেনে? ৩০ হাজাৰ টকাত ঋষি কাপুৰেও কিনিছিল এৱাৰ্ডঃ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড কিতাপ খনৰ বিভিন্ন পৃষ্ঠা খোল খাই পৰিছে। নেপোটিজিম, বাহিৰৰ-ভিতৰৰ দৰে বহুখিনি নতুন শব্দৰ প্ৰয়োগ কৰা হৈছে বৰ্তমান ইয়াত। নেপোটিজিমৰ বাবে কোন তাৰকাই নিজ কেৰিয়াৰ জীৱনৰ অধিকাংশ হেৰুৱাইছে তাক লৈও খুলি কথা কৈছে এতিয়া চিলেব্ৰেটী সকলে। এই নেপোটিজিম আৰু এনে শব্দবোৰৰ লগতে তথাকথিত এৱাৰ্ড ফাঞ্চন সমূহতো কৰা কিছু কূটনীতিৰ কথাও সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে। মনোজ মুন্তশিৰৰ গান “তেৰি মিট্টি” য়ে ফিল্মফেয়াৰ বঁটা নোপোৱাক লৈ তেওঁ ক্ষোভিত হৈ পৰিছিল আৰু কৈছিল যে তেওঁ আৰু অইন কোনো এৱাৰ্ড ফাঞ্চনত অংশগ্ৰহণ নকৰে। এয়া আচলতে প্ৰথমবাৰ নহয় য’ত এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছিল এৱাৰ্ড ফাঞ্চন সমূহক লৈ; কিন্তু আপোনালোকে জানেনে সুদক্ষ অভিনেতা ঋষি কাপুৰেও যে নিজৰ বাবে ৩০ হাজাৰ টকাত কিনিছিলে এৱাৰ্ড?

জানেনে? ৩০ হাজাৰ টকাত ঋষি কাপুৰেও কিনিছিল এৱাৰ্ডঃ 2
জানেনে? ৩০ হাজাৰ টকাত ঋষি কাপুৰেও কিনিছিল এৱাৰ্ডঃ 3


হয়, আপোনালোকে ঠিকেই শুনিছে। ঋষি কাপুৰে নিজেই নিজৰ আত্মজীৱনীত এই কথা প্ৰকাশ কৰিছে। ১৯৭৩ চনত তেওঁৰ প্ৰথমখন ছবি “ববী” মুক্তি লাভ কৰিছিল; য’ত তেওঁৰ সৈতে আন এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল অভিনেত্ৰী ডিম্পল কপাডিয়াই। এই ছবিখনৰ বাবে ঋষি কাপুৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল যিটো তেওঁ ৩০ হাজাৰ টকাৰে কিনি লৈছিল। কিন্তু, পিছলৈ ইয়াক নিজৰ ভুল মানি লৈ অভিনেতা গৰাকীয়ে আটাইবোৰ কথা নিজ আত্মজীৱনীত ব্যক্ত কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.