Rupaliparda.com
বৰ্নাত্যক সহায়ৰ আহ্বান নীল আকাশৰঃ সহায় কৰা মূহুুৰ্তৰ দিলে ফটো- 1

বৰ্নাত্যক সহায়ৰ আহ্বান নীল আকাশৰঃ সহায় কৰা মূহুুৰ্তৰ দিলে ফটো-

এইবাৰ বৰ্নাত্যলৈ সহায় আগবঢ়াইছে কন্ঠশিল্পী নীল আকাশে। বিগত দিন ধৰি বানে ভীতিগ্ৰস্ত কৰা বিভিন্ন লোকৰ সহায়ৰ বাবে আগবাঢ়ি গৈছিল অসমীয়া শিল্পী, কলা-কুশলী। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছিল অভিনেতা-অভিনেত্ৰী সকলে। মৰিগাঁও জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰত নীল আকাশৰ কেইবাগৰাকীও বন্ধু-বান্ধৱী লগ হৈ আশ্ৰয় শিবিৰত থকা বনাৰ্ত্যসকলক খাদ্য সামগ্ৰীৰ লগতে বিতৰণ কৰে মাক্স। আচলতে, এই আটাইবোৰৰ পৰা এটা কথা নিশ্চিত হৈ পৰিছে যে অসমৰ জনসাধাৰণক সহায়ৰ বাবে প্ৰতিটো মূহুৰ্তত থিয় দিবলৈ উঠি-পৰি লাগিছে অসমীয়া শিল্পী সকল। কিছুদিন পূৰ্বে কন্ঠশিল্পী নীল আকাশে নিজেই এটি ইনষ্টাগ্ৰাম ভিডিঅ’ যোগে পোষ্ট কৰি Youth Association Of Assam ৰ তৰফৰ পৰা অসমীয়া জনসাধাৰণৰ পৰা সহায় সাৰথিৰ আহ্বান জনাইছিল। আৰু, ইয়াৰ পিছতেই বানপীড়িত সকলৰ কাষ চাপে এওঁলোক আৰু বিভিন্ন ধৰণে সহায় আগবঢ়াবলৈ প্ৰচেষ্টা কৰে।

View this post on Instagram

কভিড১৯ মহামাৰীৰ সময়তে অসমত সংহাৰী ৰূপ ধাৰণ কৰা বাঢ়নী পানীয়ে ৰাজ্য খনত বৃহৎ ক্ষতি সাধন কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত হাজাৰ হাজাৰ জনতাৰ ঠিকনা হৈ পৰিছে কোনো এটা আশ্ৰয় শিবিৰ । বানে উটুৱাই নিছে ঘৰ, বাৰী, পশুধন আদিকে ধৰি কোনো কোনো লোকৰ আপোনজনক । এনে দুৰ্যোগৰ সময়ত দুৰ্গতসকলৰ কাষত থিয় হৈছে মৰিগাঁৱৰ কেইগৰাকীমান বন্ধু । মৰিগাঁও জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰত মোৰ বন্ধু বান্ধৱী সকলে বিভিন্ন খাদ্য সামগ্ৰী, মাক্স আদি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । এই মহান কাৰ্যত সহায় কৰা প্ৰতিজনকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

A post shared by Neel Akash (@neel_d_akash) on


কন্ঠশিল্পী নীল আকাশ নিজেও এই সংগীত ক্ষেত্ৰখনত কষ্ট আৰু সংগ্ৰামৰ ফলত বৰ্তমানৰ এই জনপ্ৰিয়তাৰ শিখৰলৈ বগাবলৈ সক্ষম হৈছে। তেওঁ প্ৰায়ে নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। তেওঁৰ কন্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কেইবাটাও গীতত নৱপ্ৰজন্মৰ প্ৰতিভা দেখিবলৈ পোৱা গৈছিল; তাৰ এক উদাহৰণ হৈছে কিছুদিন পূৰ্বে মুকলি হোৱা “প্ৰহেলিকা” শীৰ্ষক গীতটি। নীল আকাশৰ প্ৰথমখন এলবাম হৈছে ২০১৬ চনৰ “বিহুৱান” আৰু ইয়াৰ লগতে একেটা বৰ্ষতে মুক্তি পাইছিল তেওঁৰ আন এখন এলবাম “এনাজৰী”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform