Rupaliparda.com
"সকলোৰে যাত্ৰা একে নিচিনাটো হ'ব নোৱাৰে নহয়; সকলোৰে সত্য-অসত্য একে দৰে নহয়"- তাপসি পান্নু 1

“সকলোৰে যাত্ৰা একে নিচিনাটো হ’ব নোৱাৰে নহয়; সকলোৰে সত্য-অসত্য একে দৰে নহয়”- তাপসি পান্নু

বিগত বহু দিনৰ পৰাই ভাৰ্চুৱেলি দুই অভিনেত্ৰী ক্ৰমে কংগনা ৰাণাওঁট আৰু তাপসি পান্নুৰ মাজত বাকযুদ্ধৰ সৃষ্টি হৈছে। বলীউডতো ইতিমধ্যে দুটা খণ্ডত অনুৰাগী সমূহ ভাগ হৈ পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া তাপসি পান্নুক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “এয়া বহু দুখৰ কথা যে সুশান্তৰ মৃত্যুৰ পিছত এই আটাইবোৰ হৈ আছে, সুশান্তৰ মৃত্যুক বহুতে নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰি গৈ আছে। মানুহ বোৰৰ ওপৰত ব্যক্তিগত আক্ষেপ ব্যক্ত কৰি আছে; মোৰ অনিশ্চা স্বত্বেও এই বিষয়টোলৈ মোক টানি অনা হৈছে। বিগত বহু বছৰৰ পৰাই মোক লৈ প্ৰশ্ন কৰা হৈ আছে; মোৰ উপস্থিতিৰ ওপৰত প্ৰশ্ন কৰা হৈ আছে। গতিকে এয়া সহ্য বাহিৰত হোৱা বাবে মই এতিয়া নিজ মুখ খুলিবলৈ বাধ্য হৈছো। অভিনেত্ৰী গৰাকীয়ে আকৌ কয় যে,”মই নাজানো যে যোৱাটো বছৰৰ পৰা কিয় মোৰ ওপৰত আঙুলি উঠোৱা হৈ আছে! মইটো তেওঁৰ বিষয়ে সদায় ভাল ভাৱিছো।

"সকলোৰে যাত্ৰা একে নিচিনাটো হ'ব নোৱাৰে নহয়; সকলোৰে সত্য-অসত্য একে দৰে নহয়"- তাপসি পান্নু 2


কাৰণ তেওঁ আৰু মই দুয়ো বাহিৰৰ গতিকে যিসকলে বাহিৰৰ পৰা আহি কিবা এটা ডাঙৰ কৰি পেলায়; সেই সকলক লৈ সদায় মোৰ মনত সন্মান থাকে। সকলোৰে যাত্ৰা একে নিচিনাটো হ’ব নোৱাৰে নহয়; সকলোৰে সত্য-অসত্য একে দৰে নহয় কাৰণ আমি সকলোৱে ভিন ভিন ব্যক্তিত্বৰ। আপোনাৰ সৈতে মোৰ ভুল-শুদ্ধ নিমিলাৰ বাবেই আপুনি মোৰ ওপৰত আঙুলি উঠাইছে। এগৰাকী আপুনি নিজেই বাহিৰৰ পৰা অহা শিল্পী হৈ এগৰাকী আন আউটসাইডাৰৰ বাৰম্বাৰ সমালোচনা কৰাটো কেনেকুৱা কথা! আপুনি নিজেই কওঁক আপুনি কাৰ ফলীয়া হৈ আছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform