Rupaliparda.com
সুবাসনা দত্তৰ মন-গহ্বৰত স্থিতি সুশান্তৰঃ 1

সুবাসনা দত্তৰ মন-গহ্বৰত স্থিতি সুশান্তৰঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বিভিন্ন ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। তেওঁৰ মৃত্যুৰ পিছত যে কেৱল মাত্ৰ বলীউড ক্ষেত্ৰখনেই খালী হৈ পৰিছে তেনে নহয়; তেওঁৰ মৃত্যুৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ অভিনয় ও শিল্পী ক্ষেত্ৰখনতে। মৃত্যুৰ ইমান দিন পিছলৈও তেওঁৰ ফটো অথবা ভিন্ন পোষ্ট প্ৰত্যেকেই চচিয়েল মিডিয়া যোগে আপলোড কৰি অভিনেতা গৰাকীৰ স্মৃতি ৰোমন্থন কৰিছে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ শেষৰখন ছবি “দিল বেছাৰা” ৰ পিছত আকৌ এবাৰ অভিনেতা গৰাকীৰ অভিনয় সজীৱ হৈ পৰিছিল সকলো দৰ্শকৰ মন-গহ্বৰত। এই ছবিখনৰে এটি গীতত কন্ঠদান কৰি অভিনেতা গৰাকীক পুনৰ এবাৰ মনত কৰে অসমীয়া কন্ঠশিল্পী সুবাসনা দত্তই। তেওঁ প্ৰায়ে কেইবাটাও পোষ্ট যোগে অভিনেতা গৰাকীক লৈ লিখিছিল। আচলতে এক কথাত ক’বলৈ গ’লে, এগৰাকী সুদক্ষ অভিনেতাৰ অনুপস্থিতিয়ে প্ৰত্যেকজন জনসাধাৰণৰ লগতে সকলো ক্ষেত্ৰৰ শিল্পীকো শোকাহত কৰি তোলে।


ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণক মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা সুবাসনাই প্ৰায়ে চচিয়েল মিডিয়া যোগে অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা যায়। স্তব্ধতাৰ কালচোৱাত ধনাত্মক হৈ থাকিবলৈ লগতে নিজৰ মানসিক স্থিতিক সুস্থ কৰি ৰাখিবলৈও তেওঁ ইতিমধ্যে জনসাধাৰণক আহ্বান জনাইছিল। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform