Rupaliparda.com
আজি তৰালী শৰ্মাৰ জন্মদিনঃ 1

আজি তৰালী শৰ্মাৰ জন্মদিনঃ

সুললিত কন্ঠ, যি গৰাকীৰ কন্ঠই প্ৰায় প্ৰত্যেককে কৰি ৰাখিছে মোহাচ্ছন্ন; আজি তেওঁৰ জন্মদিন অৰ্থাৎ আজি জন্মদিন তৰালী শৰ্মাৰ। “আহিবা তুমি” য়ে দিয়া অজান ভালপোৱাৰ শিহৰণৰ পৰা আৰম্ভণি কৰি বৰগীতলৈ তেওঁৰ কন্ঠই দিয়া ভক্তিৰ অনুভূতিলৈ প্ৰতিটো ক্ষেত্ৰত তৰালী শৰ্মাই দিছে শ্ৰোতা তথা দৰ্শকক আমোদ। মুঠতে, তেওঁৰ অনুৰাগীৰ সংখ্যাই সুঁৱৰাই দিব পাৰে তেওঁ গানৰ উপভোগ্যতা। জন্মদিনৰ দিনটোত তৰালী শৰ্মাক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। তৰালী শৰ্মাৰ কন্ঠই এগৰাকী শ্ৰোতাক সজীৱ কৰি ৰাখে; কেতিয়াও কোনো ধৰণৰ বিতৰ্কই হাত দিব নোৱাৰা এই গৰাকী কন্ঠশিল্পীয়ে নিৰৱিচ্ছিন্ন চেষ্টা অব্যাহত ৰাখিছে অনুৰাগীক আমোদ প্ৰদান কৰাৰ। শেহতীয়াকৈ গীতৰ সমান্তৰালকৈ তেওঁৰ আন এক প্ৰকল্প “Lets Talk About Love” য়েও লাভ কৰিছিল দৰ্শকৰ সঁহাৰি।

আজি তৰালী শৰ্মাৰ জন্মদিনঃ 2
আজি তৰালী শৰ্মাৰ জন্মদিনঃ 3


তৰালী শৰ্মাৰ জন্মদিনত আপুনিও জনাওঁক শুভকামনা আৰু উপভোগ কৰক তেওঁৰ কেইটিমান জনপ্ৰিয় গীতঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.