মাতৃ স্নেহতকৈ অইন কোনো স্নেহ উৰ্দ্ধত হ’ব নোৱাৰে। এগৰাকী “মাতৃ” কেনে হোৱা উচিত বা তেওঁ কেনেধৰণে থাকিব লাগে এনেবোৰ কথাৰ সংজ্ঞা আচলতে কোনোগৰাকী ব্যক্তিয়ে দিব নোৱাৰিব। এগৰাকী মাতৃ, পুত্ৰ আৰু তেওঁৰ পত্নীৰ কাহিনীৰে চলিত মাহৰ ৩১ তাৰিখে ৰং চেনেলত আহিবলৈ সাজু হৈছে এখন ধাৰাবাহিক “নমামী”। এগৰাকী মাতৃৰ পুত্ৰক লৈ থকা মৰম, ভালপোৱা তথা প্ৰতিৰক্ষা মূলক যি ভাৱ সেয়া অতুলনীয়। উক্ত ধাৰাবাহিকখনো এনে কিছু কাহিনীৰ আধাৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে; কিন্তু ইয়াৰ মাজতো আছে এক টুইষ্ট। “নমামী” ত শাহু-বোৱাৰীৰ কাহিনীকো অন্তৰ্ভূক্ত কৰা হৈছে; য’ত এগৰাকী শাহুয়ে তেওঁৰ পুত্ৰক ইমান মৰম অথবা আবেগেৰে জড়িত কৰি তোলে যে পিছলৈ গৈ ই বোৱাৰীৰ বাবে মূৰৰ কামূৰণি হৈ পৰে। কিছু সময়লৈ সহজ হৈ থাকিলেও ক্ৰমান্বয়ে ই বাঢ়ি বাঢ়ি এখন ডাঙৰ বিবাদৰ সৃষ্টি কৰে।


আনহাতে, এই বিবাদৰ মাজত চেপা খাবলগীয়া হয় পুত্ৰ লগতে এগৰাকী স্বামীয়ে। ইতিমধ্যে ধাৰাবাহিকখনৰ বিভিন্ন প্ৰমো’ লগতে পোষ্টাৰ মুকলি কৰা হৈছে। কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিকখন প্ৰযোজনা কৰিছে ভৰত কলিতা আৰু ইয়াৰ পৰিচালনা নানান পাঁচনিৰ। ধাৰাবাহিকখনৰ মূল চৰিত্ৰ ৰূপায়নৰ কৰা অমিত কুমাৰ বৰাই ইতিমধ্যে “নমামী” ৰ বিভিন্ন আপডেট চচিয়েল মিডিয়া যোগে দি ইয়াৰ প্ৰতি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ইয়াত অমিতৰ বাহিৰেও আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে সাগৰিকা গোস্বামী, জুৰি শৰ্মা, জুনু নাথ, অমিতাভ ৰাজখোৱা, অৱতোষ ভূঞা, অশ্ৰুমণি বৰা, হিমাক্ষী বৰা, ত্ৰৈলোক্য কাশ্যপ, জয় কাশ্যপ, শেইনী বৰ্মণ, বনজ্যোৎস্না দেৱী আৰু ধীৰাজ মজুমদাৰে।
নয়ন সাউদৰ কাহিনী, চিত্ৰনাট্য তথা জান্হৱী মজুমদাৰ আৰু নয়ন সাউদৰ সংলাপেৰে নিৰ্মিত ধাৰাবাহিকখনৰ সংগীত নৈবেদ্য হাজৰিকাৰ। ধাৰাবাহিকখনত আলহী শিল্পী ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা জয় কাশ্যপকো। ভাস্কৰ শৰ্মাৰ চিত্ৰগ্ৰহণেৰে ধাৰাবাহিক সহঃ পৰিচালনা সিদ্ধাৰ্থ শংকৰ নাথ আৰু প্ৰাঞ্জল হালৈৰ। সহঃ চিত্ৰগ্ৰহণ শংকৰ ডেকাৰ লগতে কাৰ্যবাহী প্ৰযোজক কমল পৰাণ। অনিমা পাচনিৰ প্ৰডাকচন ডিজাইনেৰে ধাৰাবাহিক খনৰ প্ৰযোজনা নিয়ন্ত্ৰণ শশাংক নাথৰ। ৰূপসজ্জাৰ দায়িত্বত আছে নিতুল ঠেঙাল আৰু সম্পাদনা শ্যামল দাসৰ লগতে শব্দগ্ৰহণ দায়িত্বত আছে প্ৰণৱ কুমাৰ বড়ো।
Add comment