২০০১ চনৰ পৰা বৰ্তমানলৈ সংগীত ক্ষেত্ৰখনত সক্ৰিয়তাৰে জড়িত হৈ থকা শিল্পী চন্দন কাকতিক হয়টো আপুনি নিশ্চয় চিনি পায়। তেওঁৰ কথাৰে নিৰ্মিত একোটা গীতত যেতিয়া জনপ্ৰিয় কন্ঠশিল্পীৰ কন্ঠৰ মোহৰ লাগে তেতিয়া ই আৰু অধিক উপভোগ্য হৈ পৰে। কি জুবিন; কি বাবু; অধিকাংশ কন্ঠশিল্পীয়ে এই গীতিকাৰ তথা সুুৰকাৰ গৰাকীৰ ৰচনা আকোঁৱালি গীতসমূহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে যেতিয়া চন্দন কাকতিক নিজৰ যাত্ৰাটোৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মই সৰুৰ পৰাই সাংগীতিক পৰিৱেশত ডাঙৰ-দীঘল হৈছো। মোৰ পিতৃ প্ৰয়াত সুৰেন কাকতিৰ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। সৰুৰ পৰা দুই এখন প্ৰতিযোগিতাত গীতো পৰিৱেশন কৰিছো; যদিহে সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্তিৰ কথা ক’বলৈ হয় তেতিয়া হ’লে ক’ব লাগিব যে ২০০১ চনত মই জড়িত হৈছিলো। তেতিয়াই “গীত” নামে এক এলবামৰ মুকলি হৈছিল আৰু তাতেই মোৰ কথা আৰু সুৰেৰে ৰচনা কৰা গীতটিত অসমৰ স্বনামধন্য কন্ঠশিল্পী শান্তা উজীৰ বাইদেউৱে কন্ঠদান কৰিছিল। আচলতে, মই যথেষ্ট সোভাগ্যৱানো যে মোৰ জীৱনৰ প্ৰথমটো গীতকেই এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে আকোঁৱালি লৈছিল।”
তেওঁ আগলৈ কয় যে, “তাৰ পিছত ২০০৩ চনত কন্ঠশিল্পী বাবুৰ এখন “ৰ’দ” নামৰ এলবাম মুক্তি লাভ কৰিছিল। এলবামটোৰ সৰহ সংখ্যক গীতেই মোৰ আছিল লগতে ই জনপ্ৰিয় হৈ পৰিছিল অধিক পৰিমাণে। ইয়াৰ পিছত, মই এন.কে প্ৰডাকচনৰ বেনাৰতো মই বহু কাম কৰিলো; তাৰ মাজতেই মই সুৰ কৰা এটি গীত “দুচকুয়ে হাঁহে” বৰ্তমানেও জনপ্ৰিয় গীত বুলি পৰিগণিত কৰিব পাৰি। জুবিন দা আৰু বাবুৰ কন্ঠৰ “বাৰিষাৰে বানত” লগতে বাবুৰ “চেনীমাই”, “নাহৰ” আদিক জনসাধাৰণে দিয়া সঁহাৰিয়ে মোক আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছিল। বিগত বছৰৰ মোৰ জনপ্ৰিয় হোৱা গীতটি আছিল সীমান্ত শেখৰ আৰু জ্যোতিস্না গৌতমৰ কন্ঠৰে মুক্তি লাভ কৰা “লিপিকা” শীৰ্ষক গীতটি। এনেকৈয়ে প্ৰায় সমূহ গীত আছে; আচলতে মই সোভাগ্যৱান যে মোৰ কথাৰে ৰচিত গীত সমূহত অধিকাংশ কন্ঠশিল্পীয়ে কন্ঠ দান কৰিছে।” শিল্পী গৰাকীৰ মন্তব্য অনুসৰি বৰ্তমান আৰু পূৰ্বৰ গীতৰ মাজৰ পাৰ্থক্য জানিবলৈ বিচৰাত তেওঁ কয় যে, “পাৰ্থক্য নিশ্চয় আছে; সময়ৰ পৰিৱৰ্তন যেতিয়া হয় তেতিয়া মানুহৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰো পৰিৱৰ্তন দেখিবলৈ পোৱা যায়।


আগৰ গছৰ তলৰ বিহু যেনেকৈ এতিয়া মঞ্চ বিহু হ’লগৈ ঠিক তেনেদৰে আটাইবোৰ ক্ষেত্ৰতে পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। ই অৱধাৰিত মোৰ মতে। সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ লগে লগে হোৱা সংগীতৰ পৰিৱৰ্তনটোও কোনো অস্বাভাৱিক নহয়; তাহানিৰ এটা গীতৰ সুৰ, কথা আদিবোৰ যেনেদৰে ভাল লাগিছিল ঠিক তেনেদৰে এতিয়াও কিছুমান গীতৰ সুৰ ভাল লাগে। এতিয়াও বহু ভাল ভাল গীতৰ ৰচনা হৈ আছে। আমি হয়টো এটা সময়ত গৈ অতীত হৈ পৰিম; গতিকে মই ক’ম যে পাৰ্থক্য আছে। গুণগত মানদণ্ডৰ ফালৰ পৰা মই ক’বলৈ নাযাও কিন্তু তাহানিও ভাল গীত ৰচনা হৈছিল আৰু এতিয়াও ভাল গীতৰ ৰচনা হৈ আছে।” শিল্পী গৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে কয় যে, “প্ৰথমতে, জুবিন দা আৰু কিৰণৱালাৰ কন্ঠৰে এটি গীত; মই লিখি, সুৰ কৰিছিলো সেইটো আহি আছে লগতে বাবুৰ কন্ঠৰেও তিনিটা মান গীত আহিবলৈ সাজু হৈছে। নেকিব, ৰাকেশ ৰিয়ানৰ কন্ঠৰেও দুটি গীত অতি সোনকালেই ৰাইজৰ মাজলৈ আহিব। ইয়াৰ উপৰিও, নৱপ্ৰজন্মৰ কন্ঠৰেও কেইটিমান গীত আহি থকা দিনবোৰত শুনিবলৈ পাব ৰাইজে।”
Add comment