Rupaliparda.com
"মিছ মেঘালী" ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ 1

“মিছ মেঘালী” ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ

কবিতা আৰু সংগীত, গল্প অথবা উপন্যাস আৰু চলচিত্ৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এটা কবিতাত যেতিয়া সুৰ,সংগীতৰ প্ৰয়োগ কৰা হয় তেতিয়াই এটা কবিতা আৰু অধিক গ্ৰহণযোগ্য হৈ পৰে। ঠিক তেনেদৰে এইবাৰ এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী দেৱৰাজ বৰা সাজু হৈছে এটি কবিতাক লৈ। দেৱৰাজৰ দাপোন দলিচা আৰু শব্দজাল কাব্য সংকলনৰ মুক্তিৰ পাছত কবিতা আবৃত্তিৰ পুনৰ যাত্ৰা নতুন উদ্যমৰে আহি আছে তেওঁৰ “মিছ মেঘালী বৰুৱা”। দেৱৰাজৰ মতে, ” গীতৰ লগতে কবিতা ও গৈ থাকিব; গীত আৰু কবিতা ৰে’ ল লাইন দুডালৰ দৰে। গীত বোৰ ঠিকনা বিহীন হৈ পৰে শব্দ অবিহনে ( ইয়াত মই ধ্বনিৰ কথা কোৱা নাই) আৰু শব্দবোৰক গুঁঠি গুঁঠি আমি কবিতা কৰো আৰু কবিতাক সুৰৰে গীত কৰো। যাৰ বাবে গীত বোৰ আমাৰ বেছি প্ৰিয় কবিতাৰ তুলনাত; কিন্তু আমি কবিতাক সদায় গুৰুত্ব দিব লাগিব কাৰণ এটা ভাল কবিতা অবিহনে এটা ভাল গীত অসম্ভৱ আৰু কবিতা এটা আবৃত্তি কৰা টো গীততকৈ বেছি প্ৰত্যাহ্বানমূলক কিয়নো ই অন্তৰৰ গভীৰতম কোণৰ পৰা সৃষ্ট। আমি নতুন প্ৰজন্মই কবিতাক গুৰুত্ব দিয়াটো বাধ্যতামূলক কাৰণ কবিতা বোৰ যিমান গভীৰ হ’ব গীত বোৰো সিমানেই গভীৰ আৰু শুৱলা হ’ব; তাৰ বাবেই কবিতাক মই ভালপাওঁ, কৰো আৰু অনাগত দিন বোৰতো মই চেষ্টা কৰি যাম এইদৰে।”

"মিছ মেঘালী" ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ 2


বৰ্তমান পৰিপ্ৰেক্ষিতত, একোজন নৱপ্ৰজন্মই পাৰ্যমানে নিজ প্ৰতিভাৰে আপ্লুত কৰাৰ চেষ্টা কৰিছে প্ৰত্যেককে। “লক-ডাউন” ৰ এই সময়ভাগত অধিকাংশ গীতৰ ৰচনাৰ লগতে ই লাভ কৰিছে মুক্তি। তেজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী নৱপ্ৰজন্মৰ যুৱকে গীতত কন্ঠদান কৰাৰ লগতে এটি গীতত কথা আৰু সুৰ দিয়াৰ দায়িত্বতো থাকে দেৱৰাজ। শেহতীয়াকৈ তেওঁৰ কথাৰে মুক্তি লাভ কৰা “উজাগৰী” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছিল ৰাইজৰ সঁহাৰি। এগৰাকী কন্ঠশিল্পী ৰূপে তেওঁ কন্ঠদানৰ সমান্তৰালকৈ তবলা, বাঁহী, দোতাৰা, ঢোল, কী বোৰ্ড আদি বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰতো পাৰ্গত।

"মিছ মেঘালী" ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ 3


সৰুৰ পৰাই সংগীতৰ প্ৰেমত পৰা এইগৰাকী কন্ঠশিল্পীয়ে প্ৰায়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে। দেৱৰাজৰ গীত সমূহত প্ৰাচ্য আৰু পাশ্চাত্যৰ সোঁৱাদো লাভ কৰিব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.