চচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰা ফটোখন হৈছে ক্ৰিকেটাৰ য়ূজবেন্দ্ৰ চহল আৰু জনপ্ৰিয় ইউটিবাৰ ধনশ্ৰী বৰ্মাৰ। উক্ত যুঁটিটোৱে শেহতীয়াকৈ যুগ্ম জীৱনৰ একেবাৰে প্ৰথমটো চিৰিত খোজ পেলাইছে। যুগ্ম জীৱনৰ পাতনি মেলা পূৰ্বেই ভাইৰেল হোৱা এই যুঁটিটোৰ বিষয়ে এতিয়া জানিবলৈ উৎস্যুক হৈ পৰিছে প্ৰতিজন জনসাধাৰণ। আচলতে কোন এই ধনশ্ৰী বৰ্মা; ধনশ্ৰী হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আৰু এগৰাকী নৃত্য পৰিচালক। তেওঁৰ “ধনশ্ৰী বৰ্মা” নামে থকা ইউটিউব চেনেলটোত চাবচক্ৰাইবাৰ সংখ্যা হৈছে ১.৫৩ মিলিয়নতকৈও অধিক।

ইউটিউবাৰৰ উপৰিও ধনশ্ৰীয়ে নিজাববীয়াকৈ এটা কোম্পানী “ধনশ্ৰী বৰ্মা কোম্পানী” চলায় য’ত তেওঁ হিপ-হপ ডেন্সৰ শিক্ষা প্ৰদান কৰে ছাত্ৰ-ছাত্ৰী সকলক। ধনশ্ৰীৰ ইনষ্টাগ্ৰামতো প্ৰায় ৫ লাখতকৈও অধিল ভিউৱাৰচ আছে; চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় ধনশ্ৰীয়ে শেহতীয়াকৈ চহলৰ এটি ভিডিঅ’ আপলোড কৰিছিল য’ত ক্ৰিকেটাৰ গৰাকীক ছলমান খানৰ গানত নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ য়ুজবেন্দ্ৰ চহলক প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় ৰূপত দেখা পোৱা যায়। আই.পি.এলত তেওঁ বিৰাট কোহলী টীমত থাকি ৰয়েল চেলেঞ্জাৰ বেংগলুৰুৰ ফালৰ পৰা খেলে। দুইগৰাকীয়ে নিজৰ সম্পৰ্কৰ কথা চচিয়েল মিডিয়া যোগে জনসাধাৰণক দিয়ে।
Add comment