প্ৰায়ে ৰূপালীপৰ্দাৰ জৰিয়তে এগৰাকী শিল্পীৰ আগন্তুক অথবা কৰি থকা কিছুমান কামৰ বিষয়ে আপোনালোকে জানিবলৈ পাইছে। “কভাৰ কুইন” নামেৰে চিনাকী হৈ পৰা ৰাজশ্ৰী শইকীয়া বৰ্তমান সময়ৰ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ মাজৰ এগৰাকী জনপ্ৰিয় শিল্পী। হিন্দী, ইংৰাজী তথা অসমীয়া কেইবাটাও গীতৰ কভাৰ প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত উলিয়াই দি প্ৰশংসা লাভ কৰা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। বৰ্তমান সময়টো বৰ অশান্তিদায়ক; জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। এনে সংগীতশিল্পী সমূহৰ মাজৰেই এগৰাকী ৰাজশ্ৰী শইকীয়াৰ বিষয়ে বিতংকৈ জানিবলৈ আমি সাক্ষাৎকাৰৰ বাবে তেওঁৰ কাষ চাপিছিলো। গতিকে, আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত চাওঁচোন আহক ৰাজশ্ৰীয়ে কি ক’লেঃ
প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত?
ৰাজশ্ৰী শইকীয়াঃ মই সৰুৰ পৰাই মাক গীতৰ সৈতে জড়িত হৈ থকা দেখিছো। গতিকে, সৰুৰ পৰা মই মোৰ মাৰ সান্নিধ্যত থাকি তেওঁৰ পৰা গীত শিকি এই ক্ষেত্ৰখনৰ বিষয়ে উপলদ্ধি কৰিছিলো আৰু তাৰ পিছত ২০১৫ চনত পেছাগত ভাৱে মই সংগীত ক্ষেত্ৰখনত খোজ দিছিলো।
প্ৰশ্নঃ সঁচা অৰ্থত এগৰাকী “শিল্পী” বুলিলে আপুনি কি ভাবে?

ৰাজশ্ৰী শইকীয়াঃ “সুন্দৰৰ সাধনাই হৈছে শিল্পী”; “শিল্পী” ৰ সংজ্ঞা অথবা এগৰাকী শিল্পীৰ গুণগত মানদণ্ড আদিৰ বৈশিষ্ট্য আদি কথাবোৰ ক’বলৈ গ’লে যথেষ্ট গধুৰ হৈ পৰে। এক কথাত ইয়াৰ সংজ্ঞা দিব পৰা নাযায়। তথাপিও, মোৰ বোধগম্যতা আৰু জ্ঞান অনুসৰি যাৰ সাধনাই সমাজত এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো যিগৰাকীয়ে নিজ পুংখানুপুংখ দায়িত্ব পালন কৰে। মোৰ মতে, সেয়াই এগৰাকী প্ৰকৃত “শিল্পী”।
প্ৰশ্নঃ সংগীত “নিচা” নে “পেছা”?
ৰাজশ্ৰী শইকীয়াঃ সৰুৰ পৰা যেতিয়া মাৰ সৈতে বহি সংগীত চৰ্চা কৰিছিলো তেতিয়া ই এক নিচালৈ পৰিণত হৈছিল। কিন্তু বৰ্তমান এই নিচাত “পেছা” টোক খাপ খুৱাবলৈ মই চেষ্টা কৰিছো। কথাতে কয় নহয় যে, যেতিয়া “পেছা” ত নিচা অথবা “নিচা” ত পেছা অন্তৰ্ভূক্ত হৈ থাকে তেতিয়াই সকলো বস্তু সুন্দৰ হৈ পৰে।
প্ৰশ্নঃ আগন্তুক সময়ত কাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিবলৈ বিচৰে??

ৰাজশ্ৰী শইকীয়াঃ যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা বহুকেইজন সংগীত শিল্পীৰ লগতেই আছে। তাৰ ভিতৰত এজন হৈছে অসমৰ সু-সন্তান যাৰ কন্ঠ সম্প্ৰতি সময়ত সমগ্ৰ বিশ্বতে পৰিচিত; তেওঁ হৈছে অংগৰাগ পাপন মহন্ত। এই গৰাকী কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা।
প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচাৰিম।

ৰাজশ্ৰী শইকীয়াঃ পৰিকল্পনা বুলিবলৈ বহুতেই আছে যিহেটো এই সংগীত জগত খনত মই একেবাৰেই নতুন; গতিকে প্ৰত্যেকদিনাই ন-ন কাম কৰি যোৱাৰ ইচ্ছা আৰু হেঁপাহ নিজৰ মনত পুঁহি ৰাখিছো। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লুকাই থকা লোক-সংস্কৃতি সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ ইচ্ছা আছে। নাজানো কিমান দূৰ সফল হ’ম তথাপিও মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিম।
…ধন্যবাদ ৰাজশ্ৰী। আগন্তুক সময়ত তোমাৰ পৰিকল্পনা সফল হওঁক।
ৰাজশ্ৰী শইকীয়াঃ ধন্যবাদ।
Add comment