Rupaliparda.com
পূৰ্ণগতিত চি.বি.আই তদন্তঃ সুশান্তৰ শৱ পৰীক্ষণত গাফিলতি- 1

পূৰ্ণগতিত চি.বি.আই তদন্তঃ সুশান্তৰ শৱ পৰীক্ষণত গাফিলতি-

সুশান্ত সিং ৰাজপুতৰ বিষয়টোত আকৌ এটা নতুন তথ্য বাহিৰলৈ আহিছে। স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ শৱ পৰীক্ষণৰ ওপৰত বৰ্তমান প্ৰশ্নৰ উত্থাপন কৰিছে চি.বি.আইয়ে। ৰিপোৰ্টনুসৰি, সম্প্ৰতি পৰিস্থিতিক কেন্দ্ৰ কৰি বৰ্তমান প্ৰত্যেকজন মৃতকৰ ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক আছিল যদিও অভিনেতাগৰাকীৰ ক’ভিড পৰীক্ষা কিয় কৰা নহ’ল বুলি প্ৰশ্ন কৰাত সুশান্তৰ শৱ পৰীক্ষণৰ বাবে থকা ডাক্তৰৰ পেনেলটোৱে উত্তৰত এনে একো নিয়ম নাই বুলি বাখ্যা কৰে। ইয়াৰ পিছতে, যেতিয়া চি.বি.আইয়ে তেওঁলোকক মাজৰাতি সুশান্তৰ শৱটোক কিয় সোনকালে পৰীক্ষা কৰা হ’ল বুলি প্ৰশ্ন কৰিছিল; তাৰ উত্তৰত তেওঁলোকে মুম্বাই আৰক্ষীৰ নাম লয় আৰু মুম্বাই আৰক্ষীয়ে তেওঁলোকক তেনে কৰিবলৈ দিয়া বুলি একাষাৰে মন্তব্য কৰে। উল্লেখ্য যে, চি.বি.আইয়ে এই বিষয়ত আৰু অধিক তদন্ত কৰিব। সুশান্তৰ ৰিপোৰ্টত মৃত্যুৰ সময় দিয়া নাছিল বুলিও ইতিমধ্যে জানিব পৰা যায়।

পূৰ্ণগতিত চি.বি.আই তদন্তঃ সুশান্তৰ শৱ পৰীক্ষণত গাফিলতি- 2


সুশান্ত সিং ৰাজপুতৰ বিষয়টো চি.বি.আইলৈ যোৱাৰ পিছতেই আকৌ এবাৰ জনসাধাৰণে টুইটাৰত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰিছে। হেছটেগ #ArrestSSRKiller শীৰ্ষক শ্লোগানেৰে টুইটাৰত আকৌ আৰম্ভ কৰা হৈছে অভিনেতা গৰাকীক লৈ ভিন্ন মন্তব্যৰ। মুঠতে, দিন উকলি যোৱাৰ পিছতো অভিনেতা গৰাকীক লৈ ব্যস্ত হৈছে প্ৰতিজন অনুৰাগী। নিতৌ একোটাকৈ পোষ্ট কৰিছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.