Rupaliparda.com
ৰিয়া চক্ৰৱৰ্তীক কৰা হ'ল গ্ৰেপ্তাৰঃ সুখ ব্যক্ত অনুৰাগীৰ- 1

ৰিয়া চক্ৰৱৰ্তীক কৰা হ’ল গ্ৰেপ্তাৰঃ সুখ ব্যক্ত অনুৰাগীৰ-

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰৰ পিছত চচিয়েল মিডিয়াত বহুল চৰ্চা লাভ কৰিছে বিষয়টোৱে। সুশান্ত সিং ৰাজপুতৰ অনুৰাগীয়ে টুইটাৰত একাংশ টুইটেৰে নিজৰ সুখ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। নাৰকোটিক্স কন্ট্ৰোল ব্যুৰৰ দ্বাৰা তিনিদিনীকৈ হোৱা ঘেৰাওঁৰ পিছত অৱশেষত জিম্মাত লোৱা হ’ল সুশান্তৰ প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়াক। তেওঁৰ বৰ্তমান মেডিকেল টেষ্ট কৰা হ’ব; ৰিয়াই সুশান্তক ড্ৰাগছ দিয়া তথা নিজে ড্ৰাগছ সেৱন কৰা ইত্যাদিকে ধৰি বিভিন্ন আৰোপৰ আধাৰত কালি ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হয়। কোনোৱে যদি ৰিয়াৰ গ্ৰেপ্তাৰক সুখবৰ বুলি অভিহিত কৰিছে আনহাতে আন একাংশই ইয়াক সত্যৰ জয় বুলি মন্তব্য কৰিছে। মুঠতে চচিয়েল মিডিয়াত এতিয়া কেওঁদিশে সুশান্তৰ অনুৰাগীয়ে সুখ প্ৰকাশ কৰি দিছে পোষ্ট। বিগত বহু দিনৰ পৰাই সুশান্তৰ বিষয়টোত বিভিন্ন কোঁচকাৱাজ দেখিবলৈ পোৱা গৈছিল। বহু অন্তনিৰ্হিত বিষয়েও পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছিল। ৰিয়াৰ পূৰ্বেও তেওঁৰ ভাতৃক ড্ৰাগছৰ বিষয়টোক লৈ কৰা হৈছিল গ্ৰেপ্তাৰ।

ৰিয়া চক্ৰৱৰ্তীক কৰা হ'ল গ্ৰেপ্তাৰঃ সুখ ব্যক্ত অনুৰাগীৰ- 2
ৰিয়া চক্ৰৱৰ্তীক কৰা হ'ল গ্ৰেপ্তাৰঃ সুখ ব্যক্ত অনুৰাগীৰ- 3


সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে কেইবাটাও গম্ভীৰ আৰোপ লগাই ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ পৰা আদি কৰি সুশান্তৰ পৰা ৰিয়াই ১৫ কোটি টকাৰ লগতে ঘৰত থকা সমগ্ৰ বস্তু লৈ উধাও হোৱাৰো কথাও ব্যক্ত কৰে পিতৃয়ে দাখিল কৰা হৈছিল এজাহাৰ খনত। সুশান্ত সিঙৰ পিতৃয়ে মুঠ ৭ পৃষ্ঠাযুক্ত এজাহাৰ দাখিল কৰিছিল। পাটনা চেন্ট্রেল জনৰ আইজিয়ে মঙ্গলবাৰে সংবাদ মাধ্যমক জনায় যে, “ৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাত প্রৰোচনা), ৩৪১ আৰু ৩৪২(জোৰ কৰি ধৰি ৰখা), ৩৮০ (ঘৰৰ সামগ্ৰী চুৰি), ৪০৬ (চুক্তিভঙ্গ) আৰু ৪২০ (প্রতাৰণা) ধাৰাত অভিযোগ দাখিল কৰা হৈছিল।’

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.