“দেশৰ ভৱিষ্যৎ নৱপ্ৰজন্মৰ হাতত”; কথাষাৰত অন্তৰ্নিহিত অৰ্থটোৱেই আচলতে বুজাই দিয়ে সকলো। একাংশ নৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া; সেয়া বিজ্ঞানেই হওঁক নাইবা সাহিত্য অথবা মনোৰঞ্জনেই নহওঁক কিয়! প্ৰতিটো ক্ষেত্ৰত কৰা তেওঁলোকৰ প্ৰচেষ্টাই বৰ্তমান দৰ্শকৰো কাষ চাপিবলৈ সক্ষম হৈছে। সংগীত ক্ষেত্ৰখন আৰু এখাপ ওপৰত তুলি নিয়াত ইতিমধ্যে বহু নৱপ্ৰজন্মই নিজৰ অৰিহণা যোগাইছে। ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ কন্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰলৈ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই সংগীতৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে। কিন্তু, বৰ্তমানেও এই “সুন্দৰ” ধাৰাটোৱে যেন অব্যাহতি লোৱা নাই; নৱপ্ৰজন্মৰ হাতত ই আকৌ এক নতুন হৈ শ্ৰোতাৰ মাজলৈ ওলাই আহিছে। “তুমি সুবাস”, “আমিটো সৰু মানুহ” ৰ লগতে “নক্ষত্ৰ”, “জলপ্ৰপাত”, “তেজা” ইত্যাদি গীতবোৰ নৱপ্ৰজন্মৰ সৃষ্টি; য’ত জনসাধাৰণৰ বহুল সঁহাৰি। কেৱল মাত্ৰ এই গীত কেইটাই যে সফল, তেনে নহয়। ইয়াৰ লগতে আন কিছুমান এনে গীতেও মুক্তি লাভ কৰিছে যাৰ বিষয়বস্তুৱে আকৰ্ষণ কৰিছিল শ্ৰোতাক।

সান্নিধ্য ভূঞা, মিনিমি, কুলদ্বীপ, অনুৰাগ শইকীয়া, অভি শইকীয়া, নিখিল জ্যোতি শৰ্মা, ৰিদিপ, অভিলাষ আদি নৱপ্ৰজন্মৰ একোজন প্ৰতিভা। যাৰ গীত ভাইৰেল হোৱাৰ সমান্তৰালকৈ ই লাভ কৰিছে মিলিয়নৰ অংকত ভিউৱাৰচ ইঊটিউবত। EDM অৰ্থাৎ সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হোৱা এক ন-মাধ্যম Electronic Dance Music ক জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বহুল ভাৱে হাত হৈছে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ। তথাকথিত একাংশ গীতৰ তুলনাত এওঁলোকৰ এই গীত সমূহৰ সফলতা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। আগন্তুক সময়তো এনে ধৰণৰ গীত সমূহে অসমীয়া সংগীত ক্ষেত্ৰখনক আগুৱাই লৈ যাবলৈ সক্ষম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

তলত একাংশ নৱপ্ৰজন্মৰ এনে গীতবোৰক পুনৰ বাৰ আপোনালোকৰ মাজত চিনাকী কৰি দিবলৈ বিচাৰিছো। গীত সমূহৰ লিংক তলত দি দিয়া হৈছেঃ
Add comment