Rupaliparda.com
চচিয়েল মিডিয়াত কৰা এখন ফটোৰে খলকনি ৰিমা দাসৰঃ 1

চচিয়েল মিডিয়াত কৰা এখন ফটোৰে খলকনি ৰিমা দাসৰঃ

অসমীয়া সুদক্ষ পৰিচালক ৰিমা দাসে শেহতীয়াকৈ চচিয়েল মিডিয়াত কৰা এখন ফটোৱে অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমৰ সুযোগ্য জীয়ৰী ৰিমা দাসক বৰ্তমান চিনাকী কৰোৱাৰ হয়টো প্ৰয়োজন নাই; প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় পৰিচালক গৰাকীয়ে সমাজৰো কেতবোৰ সমস্যাক উদ্দেশ্যি পোষ্ট কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ গাঁৱৰ এক পৰিৱেশত গৰুৰ মাজত নিজৰ লগৰীয়া কেমেৰাটো লৈ উঠা ফটোখন পোষ্ট কৰে তেওঁ ইনষ্টাগ্ৰামত। “লক-ডাউন” ৰ আৰম্ভণিতে পৰিচালক গৰাকীয়ে অসম চৰকাৰৰ “অসম আৰোগ্য নিধি” লৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছিল। “বুলবুল কেন চিং” আৰু “ভিলেইজ ৰকষ্টাৰ” দৰে একোখন ব্যতিক্ৰমী ছবিৰ অধিকাৰী ৰিমা দাস আচলতে সমগ্ৰ অসমৰ বাবেই গৌৰৱ। ঘৰুৱা দৰ্শকৰ সঁহাৰি লাভ কৰা পূৰ্বেই তেওঁৰ উক্ত দুয়োখন ছবি জিলিকিছিল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত।

চচিয়েল মিডিয়াত কৰা এখন ফটোৰে খলকনি ৰিমা দাসৰঃ 2


“ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলৱ’ৰ্ন” ত ৰীমা দাসৰ “বুলবুল কেন ছিং” ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান। আনহাতে, বাৰ্লিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহত জুৰী সদস্য ৰূপে আমন্ত্ৰিত কৰা হৈছিল অসম জীয়ৰী ৰীমা দাসক। ৭০ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত জুৰী হিচাপে আমন্ত্ৰণ লাভ কৰাত পৰিচালক ৰীমা দাসৰ লগতে উৎসাহিত হৈ পৰিছিল অসমবাসীও।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.