Rupaliparda.com
মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ 1

মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ

আকৌ এবাৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ ৰূপে মুহিছে দৰ্শকক। বহুল জনপ্ৰিয়তাৰ সাক্ষী হৈ ৰোৱা এইগৰাকী অভিনেত্ৰীৰ বৰ্তমানেও আছে বৃহৎ অংকৰ অনুৰাগী। দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইদিনমান; মা দূৰ্গাৰ আগমনে প্ৰত্যেকৰে মনত আচলতে সৃষ্টি কৰে উৎকন্ঠাৰ তথা উৎসাহৰ। অভিনেত্ৰী সকলে মাৰ আগমনৰ বাবে কৰা ফটোশ্বুট সমূহেও এতিয়া মুহিছে সকলোকে। শেহতীয়াকৈ এনে এক ফটোশ্বুটৰ অংশীদাৰ হৈ পৰে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী; অভিনেত্ৰী গৰাকীয়ে মা দূৰ্গাৰ ভেশত কৰা এই ফটোশ্বুটে মুগ্ধও কৰিছে তেওঁৰ অনুৰাগীক। সদ্য সমাপ্ত ধাৰাবাহিক “বান্ধোন” তো দেখিবলৈ পোৱা গৈছিল এই অভিনেত্ৰী গৰাকীক। চচিয়েল মিডিয়াত সক্ৰিয় এই অভিনেত্ৰী গৰাকীৰ সন্তানেও বৰ্তমান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকক। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল।

মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ 2
মা দূৰ্গাৰ ভেশত গীতাৱলী ৰাজকুমাৰীৰ ফটোৱে মুহিছে দৰ্শককঃ 3


অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ।অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.