Rupaliparda.com
এক্সক্লুচিভ-"অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।" - অভিজিৎ লাহিৰী 1

এক্সক্লুচিভ-“অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।” – অভিজিৎ লাহিৰী

অভিজিৎ লাহিৰী; হিন্দী টেলিভিছনৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি ক্ষেত্ৰৰ এখন চিনাকী মুখ। হিন্দী ধাৰাবাহিক “ইয়ে ৰিষ্টা ক্যা কহলাতা হে”, “বালিকা বধু” কে আৰম্ভ কৰি কেইবাখনো ছবিৰ সৈতে জড়িত এইগৰাকী সুদক্ষ অভিনেতাক এইবাৰ দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি “বেল বটম” ত। ১৯৮০ ৰ পটভূমিত সৃষ্ট এই ছবিখনত অভিজিৎ লাহিৰীয়ে ৰূপায়ন কৰিছে এটা মূখ্য চৰিত্ৰ; তেওঁক এগৰাকী শাসনকৰ্তা ৰূপত দেখিবলৈ পোৱা যাব উক্ত ছবিখনত। ৰূপালীপৰ্দাৰ সৈতে হোৱা অভিনেতাগৰাকীৰ এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে তেওঁৰ পৰা জানিছিলো বিভিন্ন কথা; অসমৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথাও তেওঁ কৈছিল ৰূপালীপৰ্দাৰ সমুখত। অক্ষয় কুমাৰ সৈতে এই ছবিখনত অভিনয় কৰিবলৈ পাই তেওঁৰ অনুভৱৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কৈছিল যে, “অক্ষয় কুমাৰ বলীউডৰ এগৰাকী জনপ্ৰিয় তাৰকা আৰু মই এগৰাকী অভিনেতা; এই তাৰকা আৰু অভিনেতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। গতিকে, তেওঁৰ সৈতে অভিনয় কৰি ভাল পালো নে বেয়া পালো; এনেবোৰ কথা মই কোৱাটো ভাল নহয়। কিন্তু এটা কথা সঠিক যে তেওঁ অভিনয় ক্ষেত্ৰখনত নিশ্চয়কৈ বহু সুন্দৰ ৰূপত কাম কৰি গৈ আছে; আৰু তেওঁৰ সৈতে কাম কৰিবলৈ পাই মইও যথেষ্ট সুখী।” অভিনেতাগৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,

এক্সক্লুচিভ-"অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।" - অভিজিৎ লাহিৰী 2


“বেল বটম” ছবিখনৰ পিছত কোনো প্ৰকল্পৰ কথা একাষাৰেই কয় দিয়াটো সম্ভৱ নহয় যদিও কিছু ছবি লগতে ৱেব চিৰিজৰ সৈতে মোৰ কথা-বতৰা চলি আছে। আনহাতে, মোৰ এখন নিজাববীয়াকৈ খুলি লোৱা অভিনয়ৰ স্কুল আছে “Abhijit Lahiri School Of Acting”; যদিও বিদ্যালয় খন ক’ৰোণা মহামাৰীৰ ফলত বিগত সময়ছোৱাৰ পৰা বন্ধ হৈ আছে তথাপিও মই অনলাইন মোৰ বিদ্যাৰ্থী সকলৰ ক্লাছ লোৱা আৰম্ভ কৰিছো। গতিকে, প্ৰকল্প সমূহৰ ভিতৰত এয়াও মোৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্প।” অভিনেতা গৰাকীয়ে সাক্ষাৎকাৰৰ মাজতেই অসমৰ কথা সুঁৱৰি কয় যে, “মোৰ অসমৰ গুৱাহাটীখন ভাল লাগে; কাৰণ মই তালৈ বহুবাৰ গৈছো। সমান্তৰালকৈ, মোৰ বহুত অসমীয়া বন্ধু-বান্ধৱী আছে; তাৰে মাজৰ মোৰ ঘনিষ্ঠ বন্ধু হৈছে প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা আৰু বাহাৰুল ইছলাম। NSD ত থকা সময়ছোৱাত আমি একেলগে বহু সময় কটাইছো; আনকি মই পঢ়ি থকা সময়ছোৱাৰ প্ৰাঞ্জল শইকীয়া মোৰ ৰুমমেটো আছিল। মই যোৱা ২০১৮ চনৰ জুন-জুলাই মাহত হয়টো গুৱাহাটীলৈ আহিছিলো আৰু কেইবাদিনো ইয়াত আছিলো; টি-চিৰিজৰ সৌজন্যত অনুষ্ঠিত অভিনয়ৰ ইনষ্টিটিউতত মই ল’ৰা-ছোৱালীক অভিনয়ৰ শিক্ষাও প্ৰদান কৰিছিলো। অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।”

এক্সক্লুচিভ-"অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।" - অভিজিৎ লাহিৰী 3


“লক-ডাউন” সময়ছোৱা তেওঁ কেনেদৰে অতিবাহিত কৰিছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “মোৰ বাবে “লক-ডাউন” ৰ প্ৰথম ডেৰ মাহ সময় খুব আমনি দায়ক আছিল; কিন্তু এই “লক-ডাউন” মই নিজৰ ওপৰত আৰু অধিক গৱেষণা কৰিবলৈ সময় পাইছিলো। মোৰ চিন্তা, মোৰ সলনি হোৱা প্ৰকৃতি আদিবোৰে কেনেদৰে ক্ৰিয়া কৰে আৰু লগতে মই কেনেদৰে নিজক এই আটাইবোৰ ঋণাত্মক বস্তুৰ পৰা উলিয়াই আনিব সেইবোৰ চাবলৈ সময় পাইছিলো। তাৰ পিছতে, এই স্তব্ধতাৰ মাজতেই মোৰ অনলাইন অভিনয় ক্লাছ আৰম্ভ হৈ গৈছিল; প্ৰথম মোৰ এটা গ্ৰুপ আছিল তাৰ পিছত মোৰ দুই, তিনিটাকৈ গ্ৰুপ গঠন হৈ বৰ্তমানলৈ মোৰ ৫ টাকৈ গ্ৰুপ আছে। মই মাজতে এবাৰ স্কটলেণ্ডলৈ যোৱাত মই তাৰ পৰাও এই ক্লাছবোৰ অব্যাহত ৰাখিছিলো। গতিকে, মানসিক ভাৱে মই ব্যস্ত; হ’ব পাৰে মই বহু বেছি উপাৰ্জন কৰি থকা নাই কিন্তু মই সুখী। মই সুখী কাৰণ মই কাম কৰি আছো।”

এক্সক্লুচিভ-"অসম মোৰ বাবে নতুন নহয়; মই বহুবাৰ গৈছো, অসমীয়া খাদ্য খাইছো।" - অভিজিৎ লাহিৰী 4


ইয়াৰ উপৰিও অসমীয়া ভাষাটো বুজি পোৱাৰ কথাও কয় অভিনেতা অভিজিৎ লাহিৰীয়ে। বৰ্তমান পুনঃসম্প্ৰচাৰ হৈ থকা তেওঁৰ দুইখন ধাৰাবাহিক ক্ৰমে “ইয়ে ৰিষ্টা ক্যা কহলাতা হে” আৰু “বালিকা বধু” ত তেওঁৰ ভিন্ন দুই চৰিত্ৰ ৰূপায়নেই আচলতে বুজাই দিয়ে তেওঁৰ অভিনয় ক্ষেত্ৰখনত থকা সাৱলীলতা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform