Rupaliparda.com
ঋত্বিকৰ মাতৃ পিংকি ৰোশনৰ পোষ্টে লগাইছে খলকনি; সুশান্তৰ মৃত্যু এতিয়াও প্ৰশ্ন!! 1

ঋত্বিকৰ মাতৃ পিংকি ৰোশনৰ পোষ্টে লগাইছে খলকনি; সুশান্তৰ মৃত্যু এতিয়াও প্ৰশ্ন!!

সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে এক গভীৰ দুখ প্ৰদান কৰিছে অভিনেতা গৰাকীৰ অনুৰাগীৰ মনত। তেওঁৰ মৃত্যুয়ে ইতিমধ্যে চাৰি মাহ অতিক্ৰম কৰিছে যদিও অভিনেতা গৰাকীৰ মৃত্যুৰ মেঁৰপাক খাই কথাবোৰে যেন এতিয়াও বাট ভেঁটি ৰাখিছে সকলোকে। এই বিষয়টোত অভিনেতা গৰাকীৰ পৰিয়ালে ন্যায়ৰ বাবে অপেক্ষা কৰাৰ লগতে চচিয়েল মিডিয়াত অভিনেতা গৰাকীৰ অনুৰাগী সকলৰ সৈতে লগ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে যদিও কোনোধৰণৰ সঠিক তথ্য ওলোৱা নাই। এইবাৰ এই বিষয়ত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ঋত্বিক ৰোশনৰ মাতৃ পিংকি ৰোশনে। আচলতে, AIIMS ৰ পৰা অহা শেহতীয়া তথ্যই সুশান্তৰ মৃত্যুক লৈ জনসাধাৰণৰ মাজত চলা বিভিন্ন চৰ্চাত বিৰাম লগাইছিল; কিন্তু ইয়াৰ পিছতো শান্ত হোৱা নাই অভিনেতা গৰাকীৰ অনুৰাগী। চিবিআই তদন্তৰ ফালৰ পৰাও ইতিমধ্যে সুশান্তৰ মৃত্যুত হত্যাৰ কোনো ধৰণৰ তথ্য নাই পোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ঋত্বিক ৰোশনৰ মাতৃয়ে চচিয়েল মিডিয়াত দিয়া পোষ্টটোৱে এতিয়া একাংশক আকৌ এবাৰ এই বিষয়টোত দ কৈ ভাবিবলৈ বাধ্য কৰি পেলাইছে। এটা ফালে সুশান্তৰ এখন ফটো আৰু আনটো ফালে দিয়া তেওঁৰ দুশাৰী বাক্যই এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত।

https://www.instagram.com/p/CGm93ocpcgI/?utm_source=ig_web_copy_link

ঋত্বিকৰ মাতৃ পিংকি ৰোশনৰ পোষ্টে লগাইছে খলকনি; সুশান্তৰ মৃত্যু এতিয়াও প্ৰশ্ন!! 2
ঋত্বিকৰ মাতৃ পিংকি ৰোশনৰ পোষ্টে লগাইছে খলকনি; সুশান্তৰ মৃত্যু এতিয়াও প্ৰশ্ন!! 3


তেওঁ কয়,”সত্য কি সকলোৱে জানিব বিচাৰে; কিন্তু সত্যৰ পথত কোনো চলিব নোখোজে।” এই পোষ্টটোৰ জৰিয়তে পিংকি ৰোশনে যদিও একাংশক টাৰ্গেট কৰি কথাষাৰ ব্যক্ত কৰিছে তথাপিও ই বৰ্তমান কাকো নিৰ্দ্দিষ্ট ৰূপত আঙুলিয়াই দিব পৰা নাই। য’ত এফালে সুশান্তৰ মৃত্যুত ন্যায়ৰ ধ্বজা উৰা দেখিবলৈ পোৱা গৈছে; তাতেই আকৌ আনফালে একাংশৰ কিছু পোষ্টে সৃষ্টি কৰিছে প্ৰশ্নৰ! এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে, পিংকি ৰোশনৰ এই একাউন্টটো “verified” নহয় যদিও কেইবাগৰাকীও তাৰকা-চিলেব্ৰেটীয়ে একাউন্টটোক ফ’ল’ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.