Rupaliparda.com
"ৰিলেশ্বনছিপ ষ্টেটাচ" ক লৈ উত্তৰ দিলে কিয়াৰা আদৱানীয়েঃ 1

“ৰিলেশ্বনছিপ ষ্টেটাচ” ক লৈ উত্তৰ দিলে কিয়াৰা আদৱানীয়েঃ

বলীউডত গঢ় লোৱা সম্পৰ্ক সমূহক লৈ একাংশই খুলি কথা কয় আৰু কেতিয়াবা একাংশই কোনো ধৰণৰ মন্তব্য নকৰাকৈয়ে চৰ্চাৰ মাজত সোমাই পৰে। বলীউডত শেহতীয়াকৈ গঢ় লোৱা এটা যুঁটিয়ে দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ; যুঁটিটো হৈছে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ। আচলতে, উক্ত যুঁটিটোক কেইবাবাৰো সাধাৰণজনে একেলগে দেখিবলৈ পাইছিল ফলত এওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ আশংকাও কৰিছিল বহুতে। আনহাতে, সিদ্ধাৰ্থ আৰু কিয়াৰাক আহিবলগীয়া সময়ত দেখিবলৈ পোৱা যাব “শেৰশাহ” শীৰ্ষক ছবিখনতো। কিন্তু, এইবাৰ এই সম্পৰ্কৰ বিষয়ে খুলি কথা ক’লে কিয়াৰাই। তেওঁ এতিয়াও প্ৰেমৰ দিশৰ পৰা অকলশৰীয়া বুলিয়ে মন্তব্য কৰে; তেওঁ কয় যে, “যেতিয়ালৈ মই বিবাহিত নহয়; তেতিয়ালৈ মই চিংগল।” ইয়াৰ লগতে তেওঁ কয় যে, “যিসকলৰ সৈতে কাম কৰিবলগীয়া হয় তেওঁলোকৰ সৈতে ঘূৰা ফুৰাও কৰাও হয়।” এগৰাকী অভিনেতাৰ প্ৰেমত পৰিলে যে তেওঁৰ কামৰ ওপৰতো কোনো ধৰণৰ ঋণাত্মক প্ৰভাৱ নপৰিব; সেই কথাও ব্যক্ত কৰি কিয়াৰাই কয় যে, “মোৰ সৈতে কাম কৰা কোনো অভিনেতাক “ডেট” কৰাত মোৰ কোনো দিগদাৰ নাই।”

"ৰিলেশ্বনছিপ ষ্টেটাচ" ক লৈ উত্তৰ দিলে কিয়াৰা আদৱানীয়েঃ 2
"ৰিলেশ্বনছিপ ষ্টেটাচ" ক লৈ উত্তৰ দিলে কিয়াৰা আদৱানীয়েঃ 3

কিয়াৰা আদৱানীক কিছুদিন পূৰ্বে সিদ্ধাৰ্থৰ সৈতে নিশাৰ আহাৰ একেলগে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু প্ৰায়ে তেওঁলোকক একেলগে দেখাৰ ফলতেই এনেবোৰ চৰ্চাই বাঁহৰ পাতিছে এতিয়া সংবাদ মহলত।বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰীৰ মাজৰ এগৰাকী হিচাপে পৰিগণিত কিয়াৰাক বৰ্তমানলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ আহিবলগীয়া সময়তো তেওঁক বিভিন্নতা প্ৰকল্পত দেখিবলৈ পোৱা যাব। ডব্বু ৰতনানীৰ দ্বাৰা উঠোৱা এখন কিয়াৰাৰ ফটো চচিয়েল মিডিয়াত সাংঘাতিক চৰ্চিত হৈছিল। সেউজীয়া পাতৰ আঁৰ লৈ উঠা এই ফটোখনত অভিনেত্ৰী গৰাকীৰ যথেষ্ট মিমো প্ৰস্তুত কৰা হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.