Rupaliparda.com
সংগীতেৰে অৰ্চনা মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নীলোৎপল বৰাৰঃ 1

সংগীতেৰে অৰ্চনা মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নীলোৎপল বৰাৰঃ

অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্তলৈ সংগীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন নীলোৎপল বৰাৰ। “অ সৰু সৰু” শীৰ্ষক এটি গীতেৰে কন্ঠশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নীলোৎপলে। শেহতীয়াকৈ মুক্তি লাভ কৰা এই গীতটিয়ে অনুৰাগীকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গপচপ ৰেডিঅ’ ত এবছৰ ধৰি কৰ্মৰত হৈ থকা এই গৰাকী শিল্পীয়ে ২০১৩ বৰ্ষত শ্ৰোতাৰ সমুখলৈ আহিছিল “চেভেন আনপ্লাগ” ৰ জৰিয়তে। “মাজুলী” ৰ পটভূমিত নিৰ্মিত এটি গীতেৰে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা নীলোৎপল বৰাৰ বৰ্তমানৰ প্ৰতিটো গীতেই লাভ কৰিছে সমাদৰ। এগৰাকী জনপ্ৰিয় সংগীতশিল্পী ৰূপে প্ৰতিষ্ঠিত অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তিয়ে বৰ্তমানেও সংগীত ক্ষেত্ৰখনক শোকাস্তব্ধ কৰি ৰাখিছে। বিগত ১৪ জুলাইৰ পৰা হাস্পাতালত ভৰ্তি হৈ আছিল অৰ্চনা মহন্ত।মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল কন্ঠশিল্পী গৰাকী।

সংগীতেৰে অৰ্চনা মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নীলোৎপল বৰাৰঃ 2


২৭ আগষ্ট তাৰিখে খগেন মহন্তৰ পত্নী তথা জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছিল; গুৱাহাটীস্থিত হেল্থ চিটি হাস্পাতালত শেষ উশাহ লৈছিল কন্ঠশিল্পী গৰাকীয়ে। অৰ্চনা মহন্তৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “অ সৰু সৰু” গীতটিত কথা দিছিল কেশৱ মহন্তই; গীতটিৰ পৰিচালনা আছিল প্ৰভাত শৰ্মাৰ। আনহাতে, কন্ঠশিল্পী নীলোৎপল বৰাৰ সংস্কৰণৰ গীতটিকো ইতিমধ্যে আকোঁৱালিছে সংগীত প্ৰেমী শ্ৰোতাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform