ইতিমধ্যে সমুখলৈ আহিল “ৰুক্সানা”। ফাদিল হ’ল “ৰুক্সানা” ৰ আঁৰৰ মুখখন; বাহিৰলৈ ওলাল কমল লোচনৰ নতুন প্ৰেম “ৰুক্সানা” ৰ কাহিনী। আচলতে, বিগত বহু দিনৰ পৰাই “ৰুক্সানা” নামটোৱে চচিয়েল মিডিয়াত বহুল চৰ্চাৰ সৃষ্টি কৰিছিল। প্ৰায় কেইবাদিনলৈ ৰহস্য হৈ থকা “ৰুক্সানা” ক চাবলৈ আগ্ৰহী লোকৰ সংখ্যাও আছিল বহুত। আৰু, সেইবাবেই শেহতীয়াকৈ মুক্তি লাভ কৰা “ৰুক্সানা” ই অতি কম সময়ৰ ভিতৰতে লাভ কৰিছে যথেষ্ট সমাদৰ। নীল আকাশ আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ কন্ঠৰে নিগৰা “ৰুক্সানা” শীৰ্ষক এই গীতটিক লৈ দৰ্শক-শ্ৰোতাৰ মাজত বহুল উৎসাহ পৰিলক্ষিত হৈছে। গীতটিত কথা প্ৰাচুৰ্য্য তালুকদাৰৰ লগতে ইয়াত সুৰ কৰিছে পৰিণীতা গোস্বামীয়ে। গীতটিক সুন্দৰ সংগীতেৰে সজাইছে পলাশ সূৰ্য্য গগৈয়ে আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ইবচন লাল বৰুৱা। গীতটিৰ ভিডিঅ’টোত অভিনয় কৰিছে কমল লোচন আৰু পাঞ্চী প্ৰিয়াই; প্ৰাচুৰ্য্য তালুকদাৰৰ কাহিনী, বিষয়বস্তু আৰু পৰিচালনাৰে গীতটি আৰু অধিক উপভোগ্য কৰি তোলা হৈছে।
গীতটিত নীল আকাশৰ কন্ঠ আৰু ভিডিঅ’টোত সৰুকৈ হোৱা তেওঁৰ আৱিৰ্ভাবে অনুৰাগীক আৰু অধিক আকৰ্ষিত কৰি তুলিছিল গীতটিৰ প্ৰতি। এগৰাকী বহল মনৰ অটো’চালকৰ জীৱন আৰু প্ৰেমৰ কাহিনীক অন্তৰ্ভূক্ত কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “ৰুক্সানা”। এটি সৰু কাহিনীৰে গীতটিৰ অন্তৰ্নিহিত বিষয়বস্তুক বুজাই দিয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনৰে কাম নুই কৰিব পৰা নাযায়। ক্ষন্তেকতে ভিউৱাৰচৰ ভিৰ লাগিবলৈ বাধ্য হোৱা এওঁলোকৰ দ্বাৰা কৰি থকা ইটোৰ পিছত সিটো সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ। কেইগৰাকী নৱপ্ৰজন্মৰ চেষ্টাত বৰ্তমান আপ্লুত হোৱা জনসাধাৰণে আগন্তুক সময়তো এওঁলোকৰ ফালৰ পৰা আৰু অধিক কাম চোৱাৰ আশা প্ৰকাশ কৰে।


নীল আকাশৰ ব্যক্তিগত ইউটিউব চেনেলত মুক্তি দিয়া পিছতেই গীতটিত ভিউৱাৰচৰ যথেষ্ট পয়োভৰ দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি শ্ৰোতাৰ হিট লিষ্টত অন্তৰ্ভূক্ত উক্ত গীতটিক লৈ উৎকন্ঠা সকলোৰে।
Add comment