সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনত চৰ্চা হৈ থকা এটা নাম হৈছে মৃন্ময় কলিতা। সৰুৰ পৰাই সংগীতক লৈ কৰি থকা নিৰৱচ্চিন্ন সাধনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁৰ আহিবলগীয়া “Zindagi” শীৰ্ষক গীতটিক লৈ দৰ্শক-শ্ৰোতাৰ মাজতো এক উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক এক্সক্লুচিভ সাক্ষৎকাৰ যোগে অসমীয়া সংগীত ক্ষেত্ৰখনৰ পৰা কি বিচাৰে অথবা সংগীত জগতখনক তেওঁ কি দিব বিচাৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত মৃন্ময়ে কয় যে, “ভাল সংগীত কৰাৰ মন; সংগীত ক্ষেত্ৰখনৰ পৰা কি বিচাৰোঁ সেয়া একাষাৰে কৈ দিবলৈ টান হৈছে। আচলতে, সংগীত ভাল পাওঁ; সদায় সংগীতত জীৱনক বিচাৰি পাওঁ আৰু ইয়াতেই নিজক বিচাৰি চাবলৈ চেষ্টা কৰো; সেইখিনিয়েই বিচাৰোঁ। বাকী, সংগীতৰ ক্ষেত্ৰখনক মই কি দিব পাৰিম সেইটো মই কবলৈ বৰ্তমান কোনোৱেই হৈ উঠা নাই।

তেওঁ আগলৈ কয় যে, “মন বহুত কৰাৰ; কিন্তু এইখিনিতে এটাই কথা ক’ম যে, ভালকৈ সংগীতৰ সাধক হিচাপে মানুহে চিনি পালেই মই সুখী হম।” সংগীত নিচা নে পেচা বুলি কৰা প্ৰশ্নৰ উত্তৰত মৃন্ময়ে কয় যে, “সংগীত মোৰ নিচাওঁ লগতে পেচাও হয় বুলি ক’ব খোজোঁ; কাৰণ এতিয়াও এই ক্ষেত্ৰখনত শিকিবলৈ বহুত বাকী, পৰিপক্ক হ’বলৈ বাকী। সংগীত এখন বিশাল মহাসাগৰ; তাত যেনেদৰে শিকি গৈ থাকিম ঠিক তেনেদৰে কামো কৰি গৈ থাকিম।” মৃন্ময় কলিতাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ আহিবলগীয়া গীত “Zindagi’ এটা মোৰ বহুদিনীয়া সপোন আৰু এটা বহুত দীঘলীয়া সময়ৰ প্ৰচেষ্টা। বহুত কষ্ট কৰিছোঁ গীতটিক সুন্দৰকৈ সজাবলৈ। এইখিনিতে মই কেইজন ব্যক্তিৰ নাম ল’বয়েই লাগিব; যেনে ধৰক প্ৰতীক্ষা গগৈ, কটনত পঢ়ি থাকোঁতে গান এটা কৰিম বুলি ঠিক কৰি থৈছিলো একেলগে। ঠিক তেতিয়াই “Zindagi” ৰ জন্ম হ’ল। গীতটিৰ শব্দবোৰ ৰাকেশ ৰোছনৰ; তেখেত দিল্লীৰ নিবাসী লগতে এজন “professional drummer”। ইয়াৰ উপৰিও, নাম ল’ব লাগিব সুদৰ্শন বৰকটকীৰ। তেখেতে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰাত সহায় কৰিলে। আৰু, “Zindagi” ৰ শব্দ সংমিশ্ৰণ কৰিছে ইবছন লাল বৰুৱাই। গীতটি সজাওঁতে বহুতখিনি সময় লাগিল।”


মৃন্ময়ে আগলৈ কয় যে,”আমি আশাবাদী শ্ৰোতাসকলে এটা নতুন আৰু পৃথক জুতি পাব আমাৰ এই আহিবলগীয়া গীতটিত। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমে আমাক অনুপ্ৰেৰণা যোগাব।” উল্লেখ্য যে, “Zindagi” শীৰ্ষক এই গীতটি মুক্তি দিয়া হ’ব হিন্দী ভাষাত। নতুন প্ৰজন্মৰ কিবা এটা নতুন তথা ব্যতিক্ৰমী কৰাৰ চেষ্টাই আচলতে সম্প্ৰতি প্ৰতিটো বস্তু অধিক গ্ৰহণযোগ্য কৰি তুলিছে।
Add comment